১০ জানুৱাৰী ২০২৫- এতিয়াৰে পৰা WhatsApp গ্ৰুপত আপোনাৰ অনুমতি অবিহনে অন্তৰ্ভুক্ত কৰিব নোৱাৰিব
বিশ্বজুৰি সৰ্বাধিক ব্যৱহৃত মেছেজিং এপ হৈছে WhatsApp। বৰ্তমান সময়ত WhatsApp এটা অতি প্ৰয়োজনীয় মাধ্যম। কিন্তু কেতিয়াবা কেতিয়াবা আমাৰ অনিচ্ছা সত্বেও বা আমাৰ অনুমতি অবিহনেও যিকোনো ব্যক্তিয়ে আমাক WhatsApp গ্ৰুপত অন্তৰ্ভুক্ত কৰি দিয়ে। কিন্তু শেহতীয়াকৈ WhatsAppয়ে এনে এটা বৈশিষ্ট আনিছে যাৰ দ্বাৰা আপোনাৰ অনুমতি অবিহনে এতিয়াৰে পৰা আপোনাক কোনেও WhatsApp গ্ৰুপত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। WhatsApp ব্যৱহাৰকাৰীৰ গোপনীয়তা আৰু সুবিধাৰ কথা মনত ৰাখি শেহতীয়াকৈ এপটোৱে প্ৰৱৰ্তন কৰিছে এনে বৈশিষ্ট্য। কেনেদৰে আপুনি লাভ কৰিব এই সুবিধা-
প্ৰথমে আপোনাৰ ফোনত WhatsAppটো খুলি "Settings optionত" ক্লিক কৰক। ইয়াত আপুনি "Privacy" ৰ বিকল্প পাব, ইয়াত ক্লিক কৰক। এতিয়া ইয়াত তিনিটা বিকল্প উপলব্ধ হ’ব। Everyone, My Contacts আৰু My Contacts Except। যদি আপুনি Everyone নিৰ্বাচন কৰে তেন্তে যিকোনো ব্যক্তিয়ে আপোনাক বিনা অনুমতিত যিকোনো গ্ৰুপত অন্তৰ্ভুক্ত কৰিব পাৰিব। যদি My Contacts বিকল্পটো নিৰ্বাচন কৰে, তেনেহলে কেৱল আপোনাৰ যোগাযোগ তালিকাত থকা লোকসকলেহে আপোনাক গ্ৰুপত অন্তৰ্ভুক্ত কৰিব পাৰিব। লগতে My Contacts Except বিকল্পতো যদি নিৰ্বাচন কৰে তেন্তে আপোনাৰ হাতত সকলো নিয়ন্ত্ৰণ থাকিব। অৰ্থাত আপোনাৰ অনুনতি অবিহনে কোনেও আপোনাক WhatsApp গ্ৰুপত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব।