কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটন, বনৰীয়া ম’হৰ আক্রমণত নিহত হয় বনকৰ্মী

DY365
DY365
Published: April 15,2024 06:10 PM
DY365

Story highlights

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটন। বনৰীয়া ম’হৰ আক্রমণত নিহত হয় বনকৰ্মী। গুৰুতৰভাৱে আহত হয় এগৰাকী বনকৰ্মী।

১৫ এপ্ৰিল, ২০২৪ঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটন। বনৰীয়া ম’হৰ আক্রমণত নিহত হয় বনকৰ্মী। গুৰুতৰভাৱে আহত হয় এগৰাকী বনকৰ্মী। 



বনৰীয়া ম’হৰ আক্ৰমণত নিহত হয় অপূৰ্ব মমিন নামৰ বনকৰ্মীজন। আহত সোণমণি ৰাভা নামৰ আন এগৰাকী বনকৰ্মী। বনাঞ্চলত নিয়মীয়া তহল দি থকাৰ সময়তে বনকৰ্মীৰ দলটোক এটা বনৰীয়া ম’হে আক্ৰমণ কৰে। 



বুঢ়াপাহাৰৰ হাতীকেম্পত সংঘটিত হৈছে এই ঘটনা। দুয়োগৰাকী বনকৰ্মী হাতীকেম্পৰ বিভাগীয় হাতীৰ মাউতৰ দায়িত্বত নিয়োজিত আছিল। পুৱা বনাঞ্চলৰ ভিতৰত ৰাখি থোৱা বিভাগীয় হাতী উলিয়াই আনিবলৈ যাওতেই সংঘটিত হয় এই অঘটন। 



কাজিৰঙাৰ DFO, বনাঞ্চলিক বিষয়া আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। অপূৰ্ব মমিনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।



আহত বনকৰ্মীক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি। পৰৱৰ্তী সময়ত আহত সোণমনি ৰাভাক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়। 



নিহত অপূৰ্ব মমিনৰ ঘৰ কঁহৰাৰ পিলখানাত। বনকৰ্মীজনৰ মৃতদেহ উলিয়াই অনাৰ পিছতেই শোকাকুল পৰিৱেশৰ সৃষ্টি হয় বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় চৌহদত। পৰিয়ালৰ লোকৰ লগতে চকুলো টুকি সহকৰ্মী বনকৰ্মীজনক বিদায় দিয়ে বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মীসকলে।


Related