পুনৰ আইনী মেৰপাকত অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা

DY365
DY365
Published: April 18,2024 03:08 PM
DY365

Story highlights

অশ্লীল ছবি নিৰ্মানৰ অভিযোগত  গ্ৰেপ্তাৰ হোৱা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰালৈ পুনৰ নামি আহিছে আন এক ভয়ংকৰ বিপদ।

১৮ এপ্ৰিল,২০২৪— শনিৰ দশা চলি আছে নেকি  শিল্পা চেট্টীৰ স্বামীৰ ? বিপদে লগ নেৰা হৈছে  শিল্পাৰ স্ৱামীক। পুণৰ বিপদত পৰিছে  বলিউড অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা।



ৰাজ কুন্দ্ৰাৰ পৰা ৯৭.৭৯ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে EDয়ে । মুম্বাইৰ জুহোস্থিত শিল্পা চেট্টীৰ এটা ফ্লেট আৰু পুনেৰ এটা বাংলোৰ পৰা উদ্ধাৰ কৰা হৈছে এই সম্পত্তিসমূহ।  



বিটকইনৰ নামত মানুহৰ পৰা বৃহৎ পুঁজি সংগ্ৰহ কৰাৰ অভিযোগ কুন্দ্ৰাৰ বিৰুদ্ধে।  ইডি ৰ তদন্তত প্ৰকাশ পাইছে যে  বিটকইন কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড অমিত ভৰদ্বাজৰ সৈতে ৰাজ কুন্দ্ৰাৰ সম্পৰ্ক আছিল আৰু ২৮৫ টা বিটকইন পাইছিল ৰাজকুন্দ্ৰাই। আৰু সন্দেহ অনুযায়ী  এই বিটকইনবোৰ এতিয়াও কুন্দ্ৰাৰ লগত আছে। যাৰ বৰ্তমান  মূল্য ১৫০ কোটিতকৈও অধিক ।



২০২১ চনতো অশ্লীল ছবি নিৰ্মানৰ অভিযোগত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল¸ আৰু প্ৰায় ৬৩ দিনৰ পিছত জামিন লাভ কৰিছিল। 


Related