শিলচৰ ৰামনগৰত অগ্নিকাণ্ড, চলন্ত গেছ পৰিবাহী টেংকাৰত হঠাত্‍ লাগিল জুই

DY365
DY365
Published: April 18,2024 03:11 PM
DY365

Story highlights

শিলচৰ ৰামনগৰত অগ্নিকাণ্ড। গেছ পৰিবাহী চলন্ত টেংকাৰত হঠাতে লাগিল জুই। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ হয় জুই । কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চল।

১৮ এপ্ৰিল, ২০২৪ঃ শিলচৰ ৰামনগৰত অগ্নিকাণ্ড। এখন চলন্ত গেছ পৰিবাহী টেংকাৰত হঠাত্‍ লাগিল জুই। মূহূৰ্ততে জুইৰ লেলিহান শিখাই চানি ধৰে টেংকাৰ খনত।





সমগ্ৰ অঞ্চলত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। প্ৰথমে জনবহুল স্থানৰ পৰা টেংকাৰ খন নিৰ্জন স্থানত লৈ যোৱা হয় ৷





অগ্নিনিৰ্বাপক বাহিনীৰ চেষ্টাত নিয়ন্ত্ৰণলৈ আহে জুই। অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চল। যান্ত্ৰিক বিজুতিৰ বাবে গেছ পৰিবাহী টেংকাৰখনত জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে।
 


Related