বিতৰ্ক! ভাৰতে কেতিয়া পালে প্ৰকৃত স্বাধীনতা?

DY365
DY365
Published: January 15,2025 06:18 PM
DY365

Story highlights

বিতৰ্ক! ভাৰতে কেতিয়া পালে প্ৰকৃত স্বাধীনতা?

১৫ জানুৱাৰী ২০২৫- বিতৰ্ক! ভাৰতে কেতিয়া পালে প্ৰকৃত স্বাধীনতা? 
ভাৰতবৰ্ষৰ স্বাধীনতাক লৈ পুনৰ আৰম্ভ হৈছে এক বিতৰ্কৰ। এইবাৰ বিতৰ্কৰ আৰম্ভ কৰিছে খোদ RSS প্ৰধান মোহন ভাগৱতে। মোহন ভাগৱতৰ মতে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনটোতহে ভাৰতে লাভ কৰিছিল ‘প্ৰকৃত স্বাধীনতা’।  মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।   
মোহন ভাগৱত মতে "১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছৰ পৰা কেৱল ৰাজনৈতিক স্বাধীনতাহে লাভ কৰিছিল। কিন্তু “বহু শতিকা ধৰি অত্যাচাৰৰ সন্মুখীন হোৱা ভাৰতে প্ৰকৃত স্বাধীনতা তেতিয়াহে লাভ কৰিছিল যিদিনা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। 
ৰাম মন্দিৰ নিৰ্মানৰ বাবে আন্দোলন কাৰো বিৰোধিতা কৰিবলৈ আৰম্ভ কৰা হোৱা নাছিল। ভাৰতৰ আত্মাক জাগ্ৰত কৰিবলৈ ৰাম মন্দিৰ নিৰ্মানৰ আন্দোলন আৰম্ভ কৰা হৈছিল, যাতে দেশে নিজৰ ভৰিৰ ওপৰত থিয় হৈ বিশ্ববাসীক বাট দেখুৱাব পাৰে। 
 মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতে RSS প্ৰধানগৰাকীক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। মোহন ভাগৱতে কৰা এই মন্তব্য দেশদ্ৰোহতকৈ কোনোগুনে কম নহয়। মোহন ভাগৱতৰ ঠাইত আন কোনোৱে এই মন্তব্য কৰা হলে নিশ্চিতভাৱে এতিয়ালৈকে তেওঁ গ্ৰেপ্তাৰ হলহেঁতেন। ১৯৪৭ চনৰ ১৫ আগষ্টত  ভাৰতে স্বাধীনতা লাভ কৰা নাই বুলি কোৱাতো প্ৰতিজ ভাৰতীয়ৰ অপমান। এনেদৰে মোহন ভাগৱতক প্ৰত্যুত্তৰ দিছে সাংসদ ৰাহুল গান্ধীয়ে।


Related

TWITTER

FACEBOOK