অধিক ভয়ংকৰ ৰূপত আহি আছে 'ডানা'। অসমৰ ১৪খন জিলাত Yellow Alert জাৰি।

DY365
DY365
Published: October 24,2024 11:55 AM
DY365

Story highlights

অধিক ভয়ংকৰ ৰূপত আহি আছে 'ডানা'। অসমৰ ১৪খন জিলাত Yellow Alert জাৰি।

২৪ অক্টোবৰ,২০২৪-  অধিক ভয়ংকৰ ৰূপত আহি আছে 'ডানা'। অসমৰ ১৪খন জিলাত Yellow Alert জাৰি। 



বংগোপ সাগৰত উৎপত্তি হোৱা 'ডানা'ই লৈছে ভয়ংকৰ ৰূপ।প্ৰতিঘণ্টাত ১২০ কিলোমিটাৰ বেগত বলিব পাৰে বতাহ। ধুমুহাৰ আগমনৰ পূৰ্বে ৰাইজৰ মাজত এতিয়া প্ৰচণ্ড শংকা।‘ডানা’ৰ বাবে ওড়িশা আৰু বংগত হাই এলাৰ্ট জাৰি কৰা হৈছে।‘ডানা’ ঘূৰ্ণীবতাহৰ বাবে ওড়িশা আৰু বংগৰ বহু ঠাইত প্ৰচণ্ড বতাহৰ সৈতে বৰষুণ দি আছে। ডানাৰ তাণ্ডৱৰ প্ৰতি শংকা কৰি ৫০০ৰো অধিক ৰে’ল বাতিল কৰা হৈছে। ১৬ ঘণ্টাৰ বাবে নিষিদ্ধ কৰা হৈছে বিমান সেৱা। এন ডি আৰ এফৰ ৫০টাতকৈও অধিক দল নিয়োগ কৰা হৈছে। ঘূৰ্ণীবতাহ ‘ডানা’ৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি বহু অঞ্চলৰ স্থানীয় বাসিন্দাসকলক আঁতৰাই নিছে প্ৰশাসনে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইতিমধ্যে পশ্চিমবংগৰ ১.১৪ লাখৰো অধিক লোকক আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে।
আনহাতে অসমতো পৰিব 'ডানা'ৰ আংশিক প্ৰভাৱ।নিশাৰ ভাগৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে কিনকনীয়া বৰষুণ। আজি গুৱাহাটীকে ধৰি ১৪খন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert। Yellow Alert জাৰি কৰা জিলা কেইখন হৈছে- ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও ,কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু  চৰাইদেউ।


Related

TWITTER

FACEBOOK