চড়ক পূজা হৈছে অতি প্ৰাচীনকালৰে পৰা প্ৰচলিত এখন পূজা

DY365
DY365
Published: April 14,2024 12:54 PM
DY365

Story highlights

সন্ন্যাসীসকলে  দেৱতাৰ প্ৰতি অচলা ভক্তি প্ৰদৰ্শনৰ হেতু তেওঁলোকে চোকা লোহাৰ বৰশি, গছৰ কাঁইটৰ ওপৰত জাপ দিয়ে অথবা ভৰি ওপৰলৈ কৰি মূৰ তললৈ দি ওলমি থাকে।

১৪ এপ্ৰিল,২০২৪ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে চড়ক পূজা ।  চড়ক পূজা হৈছে অতি প্ৰাচীনকালৰে পৰা প্ৰচলিত এখন পূজা।চৰক পূজা   চ’তৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত হয় আৰু বহাগৰ দুই তিনিদিন ব্যাপি চড়ক পূজা চলে। ইয়াক শিৱ ঠাকুৰৰ গাজন উৎসৱৰ অন্যতম অংশ হিচাপে গণ্য কৰা হয়। চড়ক পূজাৰ এক বিশেষ পূজা নীলপূজা। পূজাৰ আগদিনা চড়ক গছডালক ধুই মচি পৰিষ্কাৰ কৰা হয়। এটা পানীৰে ভৰা পাত্ৰত শিৱৰ প্ৰতীক শিৱলিঙ্গ বা সেন্দূৰেৰে লেপা দীঘল কাঠৰ তক্তা এখন ৰখা হয়, যিটোক বুঢ়াশিৱ বুলি কোৱা হয়। চড়ক পূজাৰ  বিশেষ আন এক পূজা হ’ল- কুম্ভীৰৰ পূজা ।  জ্বলন্ত এঙাৰৰ ওপৰেৰে খোজ কঢ়া, কাঁইট আৰু চুৰীৰ ওপৰত জপিওৱা, শিৱৰ বিয়া, অগ্নিনৃত্য, চড়কক গছত ওলোমা, হাজৰা পূজা আদি এই পূজাৰ বিশেষ পৰ্ব। 





পূজাৰ ভক্ত বা সন্ন্যাসীসকলে পূজাৰ কেইদিনামান আগৰে পৰা কঠোৰ ব্ৰত আৰু সংযম পালন কৰে।  চড়ক পূজাৰ দিনা সন্ন্যাসীসকলে  দেৱতাৰ প্ৰতি অচলা ভক্তি প্ৰদৰ্শনৰ হেতু তেওঁলোকে চোকা লোহাৰ বৰশি, গছৰ কাঁইটৰ ওপৰত জাপ দিয়ে অথবা ভৰি ওপৰলৈ কৰি মূৰ তললৈ দি ওলমি থাকে। আত্মনিৰ্যাতনৰ বাবে তেওঁলোকে আঢ়ৈৰ পৰা চাৰি-পাঁচ ইঞ্চি দীঘল লোৰ শলা গোটেই দিনটো জিভাত বিন্ধাই ৰাখে। সন্ধ্যাৰ আগেআগে পুখুৰীত গৈ সেইটো খুলি পেলায়; যাক কোৱা হয় ‘বাণ-সন্ন্যাস’। পিঠিৰ ছাল ফুটাই এডাল সৰু বেত সুমুৱাই ৰখা আচাৰক কোৱা হয় ‘বেত্ৰ সন্ন্যাস’। চড়ক গছত স্থাপন কৰা কাঠৰ চকৰিত পিঠিত লোহাৰ বৰশি ফুটুৱাই ওলমি থাকি চক্ৰকাৰে ঘুৰোৱা হয় আৰু এই প্ৰক্ৰিয়াক কোৱা হয় ‘বৰশি সন্ন্যাস’ । আচৰিত যে ' এই ক্ৰীড়া কৌশল প্ৰৰ্দশনত কোনো বিষ বা আঘাত অনুভৱ নহয়।বিশ্বাস অনুসৰি ১৪৮৫ চনত ৰজা সুন্দৰানন্দ ঠাকুৰে প্ৰথম এই পূজা প্ৰৱৰ্ত্তন কৰিছিল ।



ৰহা, মুছলপুৰ,চিলাপথাৰৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পালন কৰা হৈছে এই পূজা। 


Related