সাৱধান! গুৱাহাটীৰ ভিন্ন অঞ্চলত এতিয়া ডেংগুৰ সন্ত্ৰাস।

DY365
DY365
Published: October 23,2024 03:48 PM
DY365

Story highlights

সাৱধান! গুৱাহাটীৰ ভিন্ন অঞ্চলত এতিয়া ডেংগুৰ সন্ত্ৰাস।

  ২৩ অক্টোবৰ,২০২৪-  সাৱধান! গুৱাহাটীৰ ভিন্ন অঞ্চলত এতিয়া ডেংগুৰ সন্ত্ৰাস।



গুৱাহাটী মহানগৰবাসীৰ লগতে গুৱাহাটীলৈ আহিলে এতিয়া আপুনিওঁ সাৱধান হওঁক ! গুৱাহাটী মহানগৰীৰ ভিন্ন অঞ্চলত এতিয়া ডেংগুৰ সন্ত্ৰাস। RED ZONE ঘোষণা কৰা হৈছে অম্বিকাগিৰি নগৰ, ভাস্কৰ নগৰ, জু ৰোডৰ কাৰ্বি পথ আৰু বামুণীমৈদামৰ ৰে’লৱে কলনীক। নিতৌ ইজনৰ পিছত সিজন ডেংগু ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, বিগত এটা মাহত বৃহত্তৰ ভাস্কৰ নগৰ অঞ্চলত ৩০জনৰো অধিক লোক ডেংগুত আক্রান্ত হৈছে।মঙলবাৰে পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডেংগুত আক্ৰান্ত এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ ঘৰ গুৱাহাটীৰ ভাস্কৰনগৰত। বিগত কেইবাধিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী।
উল্লেখ্য যে বিগত সপ্তাহৰ শনিবাৰেও ডেংগুত আক্ৰান্ত হৈ ভাস্কৰনগৰৰ সুনিতা বসুমতাৰী নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছিল। আনহাতে বৰ্তমানেও GMCHত চিকিৎসাধীন হৈ আছে ডেংগুত আক্ৰান্ত কেইবাজনো লোক।


Related

TWITTER

FACEBOOK