তিনিচুকীয়া কচুজান চাহ বাগিচাত ভয়ংকৰ ঘটনা, বাগিচাৰ মাজত দুৰ্বৃত্তই জ্বলাই দিলে এজনক

DY365
DY365
Published: April 15,2024 12:19 PM
DY365

Story highlights

তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত ভয়ংকৰ ঘটনা। চাহ বাগিচাৰ মাজতে এজন লোকক জ্বলাই দিলে দুৰ্বৃত্তই। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয়।

১৫ এপ্ৰিল, ২০২৪ঃ তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত ভয়ংকৰ ঘটনা। চাহ বাগিচাৰ মাজতে এজন লোকক জ্বলাই দিলে দুৰ্বৃত্তই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।



আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধদগ্ধ মৃতদেহটো। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে তিনিচুকীয়া আৰক্ষীয়ে।



কোনে চাহ বাগিছাৰ মাজত এই বিভৎস কাণ্ড সংঘটিত কৰিলে পোহৰলৈ অহা নাই কোনো তথ্য। সমগ্ৰ ঘটনাকলৈ তিনিচুকীয়া আৰক্ষীৰ তদন্ত অব্যাহত আছে।


Related