গোলকগঞ্জৰ ছাগলীয়াত জব্দ দহ লাখ টকা

DY365
DY365
Published: April 14,2024 06:25 PM
DY365

Story highlights

গোলকগঞ্জৰ ছাগলীয়াত টকাৰ উজান। ছাগলীয়া আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে জব্দ কৰে প্ৰায় দহ লাখ টকা।

১৪ এপ্ৰিল, ২০২৪ঃ গোলকগঞ্জৰ ছাগলীয়াত টকাৰ উজান। ছাগলীয়া আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে জব্দ কৰে প্ৰায় দহ লাখ টকা।



কোচবিহাৰৰ পৰা গোৱালপাৰামুখী যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰে টকাখিনি। গোৱালপাৰা অভিমুখী বাছখনৰ নম্বৰ WB 63 A/1657 ।



দেৱজিৎ পাল নামৰ এজন ব্যক্তিৰ পৰা জব্দ কৰে দহ লাখ টকা। দেৱজিৎ পাল নামৰ লোকজনে অবৈধভাৱে সৰবৰাহ কৰিছিল টকাখিনি।



দেৱজিৎ পালৰ ঘৰ কোচবিহাৰৰ কোতোৱালিত। টকাখিনিৰ উত্স সন্দৰ্ভত ফ্লায়িং স্কোৱাডৰ তদন্ত। 




 


Related