গৌতম গম্ভীৰ নহয়, লক্ষ্মণৰ ওপৰত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব

DY365
DY365
Published: October 28,2024 03:33 PM
DY365

Story highlights

গৌতম গম্ভীৰ নহয়, লক্ষ্মণৰ ওপৰত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব

২৮ অক্টোবৰ,২০২৪- গৌতম গম্ভীৰ নহয়, লক্ষ্মণৰ ওপৰত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব



 দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া আগন্তুক টি-২০ শৃংখলাৰ বাবে ভি ভি এছ লক্ষ্মণক টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে। ৮ নৱেম্বৰৰ পৰা আৰম্ভ হবলগীয়া টি-২০ শৃংখলাত গৌতম গম্ভীৰৰ পৰিৱৰ্তে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব ভি ভি এছ লক্ষ্মণে। উল্লেখ্য যে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ১০ নৱেম্বৰত ভাৰতীয় দলটোৰ সৈতে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। যাৰ বাবে BCCIয়ে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ পৰিৱৰ্তে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে ভি ভি এছ লক্ষ্মণক টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব অৰ্পন কৰিছে। ইয়াৰ পূৰ্বেও টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ অনুপস্থিতিত  ভি ভি এছ লক্ষ্মণে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। 
 গৃহভূমিত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাস্ত হোৱাৰ পিছত প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ বাবেও আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ'লে টীম ইণ্ডিয়াই বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলা জয়ী হ'ব লাগিব।


Related

TWITTER

FACEBOOK