ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ষ্টাৰ ক্ৰিকেটাৰ।

DY365
DY365
Published: September 28,2024 04:47 PM
DY365

Story highlights

ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ষ্টাৰ ক্ৰিকেটাৰ।

২৮ ছেপ্তেম্বৰ,২০২৪- ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ষ্টাৰ ক্ৰিকেটাৰ।



ভয়ংকৰ পথ দুৰ্ঘটনাৰ সম্মুখীন হৈছে যুৱ ক্ৰিকেটাৰ মুছিৰ খান। পিতৃ নৌছাদ খানৰ সৈতে ইৰানী কাপৰ খেলৰ বাবে কানপুৰৰ পৰা লক্ষ্ণৌলৈ গৈ থাকোঁতে মুশ্বীৰ খান আৰু পিতৃ নৌছাদ খান এই দুৰ্ঘটনাৰ সম্মুখীন হয়। মুছিৰ খান হৈছে মুম্বাই ৰঞ্জী দলৰ খেলুৱৈ আৰু টীম ইণ্ডিয়াৰ ষ্টাৰ ক্ৰিকেটাৰ ছৰফৰাজ খানৰ কনিষ্ঠ ভাতৃ। 
দুৰ্ঘটনাটোত মুছিৰ খানে মূৰত আৰু ডিঙিত আঘাত পাইছে। দুৰ্ঘটনাৰ পাছতেই মুছিৰ খান আৰু পিতৃক এখন স্থানীয় হাস্পতাললৈ লৈ যোৱা হয়। মুছিৰ খানৰ দেহৰ হাঁড় ভাঙিছে বুলিও জানিব পৰা গৈছে। চিকিৎসকে জনোৱা মতে মুছিৰ খানক সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ অতি কমেও ১৬ সপ্তাহৰ প্ৰয়োজন হ'ব।
পথ দুৰ্ঘটনাৰ পাছত মুছিৰ খানৰ এতিয়া আগন্তুক ৰঞ্জী ছিজনক খেলাক লৈয়ো অনিশ্চয়তাই দেখা দিছে। অহা ১১ অক্টোবৰৰ পৰা আৰম্ভ হব ৰঞ্জী ট্ৰফী। উল্লেখ্য, এই পৰ্যন্ত মুছিৰ খানে ৯ খনকৈ প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। এই ৯ খন মেচত গড়ে ৫১.১৪ কৈ ৭১৬ ৰাণ সংগ্ৰহ কৰিছে।
সদ্য সমাপ্ত দুলীপ ট্ৰফীত ভাৰত-বি দলৰ হৈ খেলি প্ৰথম মেচতে ১৮১ ৰাণৰ দৰ্শনীয় ইনিংছ উপহাৰ দিছিল মুছিৰে। 
মুছিৰ খানক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হ'ব। তাতেই তেওঁক বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত মুম্বাই ক্ৰিকেট এছ'চিয়েছনৰ এজন বিষয়ববীয়াই কয় যে, শুকুৰবাৰে নিশা মুছিৰ দুৰ্ঘটনাত পতিত হয়। তেওঁ আগন্তক ইৰাণী কাপত খেলিব নোৱাৰিব। দেওবাৰে তেওঁক মুম্বাইলৈ লৈ অনা হ'ব। মুম্বাই ক্ৰিকেট এছ'চিয়েছন আৰু বি চি চি আইৰ চিকিৎসকৰ দলে তেওঁক পৰীক্ষা কৰিব।


Related

TWITTER

FACEBOOK