চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানলৈ ৰোহিত শৰ্মা!

DY365
DY365
Published: January 15,2025 08:08 PM
DY365

Story highlights

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানলৈ ৰোহিত শৰ্মা!

১৫ জানুৱাৰী ২০২৫- চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানলৈ ৰোহিত শৰ্মা!
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব চেম্পিয়নছ ট্ৰফীৰ মহাৰণ। উদ্ধোধনী খেলত ডিফেণ্ডিং চেম্পিয়ন পাকিস্তানৰ মুখামুখি হ'ব নিউজিলেণ্ড দল। যদিও টীম ইণ্ডিয়াই  চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় কিন্তু চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হোৱাৰ পূৰ্বে পাকিস্তান ভ্ৰমণ কৰিব পাৰে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই। কাৰণ যিকোনো ধৰণৰ ICCৰ টুৰ্ণামেণ্ট অনুষ্ঠিত হলে আয়োজক দেশত অধিনায়কসমূহৰ ফটোশ্বুট কৰা হয়। ইয়াৰ সমান্তৰালকৈ সংবাদমেলৰো আয়োজন কৰা হয়। কিন্তু আইচিচিয়ে এতিয়াও চেম্পিয়নছ ট্ৰফীৰ ফটোশ্বুটৰ তাৰিখ ঘোষণা কৰা নাই আৰু ইয়াৰ স্থানো প্ৰকাশ কৰা নাই। যদি ৰোহিত শৰ্মা পাকিস্তানলৈ নাযায় তেন্তে ফটোশ্বুটৰ কিছু অংশ ডুবাইতো হ’ব পাৰে। এই সন্দৰ্ভত এতিয়াও চৰকাৰী তথ্য অহা নাই যদিও এক প্ৰতিবেদনে দাবী কৰা অনুসৰি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পূৰ্বে পাকিস্তানলৈ যাব পাৰে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই। কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।
উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া ৰাজনৈতিক স্থিতিৰ বাবে টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তান নাযাও বুলি সিদ্ধান্ত স্পষ্ট কৰাৰ পিছতেই ICCয়ে হাইব্ৰিড মডেলৰ অধীনত অনুষ্ঠিত কৰিছে চেম্পিয়নছ ট্ৰফী। যাৰ বাবে টীম ইণ্ডিয়াৰ খেলসমুহ ডুবাইত অনুষ্ঠিত হ'ব। কিন্তু চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তান ভ্ৰমণ কৰিব পাৰে অধিনায়ক ৰোহিত শৰ্মাই।


Related

TWITTER

FACEBOOK