অৱসৰৰ দিশে ৰোহিত শৰ্মা! চিডনীয়েই হ'ব অন্তিম টেষ্ট!

DY365
DY365
Published: December 28,2024 05:44 PM
DY365

Story highlights

অৱসৰৰ দিশে ৰোহিত শৰ্মা! চিডনীয়েই হ'ব অন্তিম টেষ্ট!

২৮ ডিচেম্বৰ,২০২৪-  অৱসৰৰ দিশে ৰোহিত শৰ্মা! চিডনীয়েই হ'ব অন্তিম টেষ্ট!
টেষ্ট ক্ৰিকেটত ব্যৰ্থতাৰ ধাৰা অব্যাহত আছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো চূড়ান্তৰূপে ব্যৰ্থ হৈছে ভাৰতীয় দলৰ অধিনায়কগৰাকী। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চাৰিটা ইনিংছত হিটমেনৰ বেটৰ পৰা আহিছে মাত্ৰ ২২ ৰান। এনে ধাৰাবাহিক ব্যৰ্থতাৰ ফলশ্ৰুতিত ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰ সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। খবৰ অনুসৰি চিডনী টেষ্টেই হ'ব পাৰে ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰৰ অন্তিমখন টেষ্ট। তাৰ মাজতে ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰ মেলবৰ্ণত উপস্থিত হৈছে। আগাৰকাৰৰ এই ভ্ৰমণে ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰৰ ভৱিষ্যত সন্দৰ্ভত প্ৰশ্নৰ উত্থাপন কৰিছে।
 ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মেলবৰ্ণ টেষ্টৰ আজি তৃতীয় দিনা ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাজয়ৰ সম্ভাৱনা ৰোধৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে ভাৰতীয় বেটাৰে। বেটিঙৰ ব্যৰ্থতাই ভাৰতীয় দলক শৃংখলাটোত বিপৰ্যয়ৰ দিশলৈ ঠেলি দিছে। অধিনায়ক ৰোহিত শৰ্মাই এই শৃংখলাত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে। এনে ধাৰাবাহিক ব্যৰ্থতাৰ ফলশ্ৰুতিত ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰ সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এক প্ৰতিবেদন অনুসৰি ভাৰতীয় দলে যদি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰে, তেন্তে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ছিডনীত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ অন্তিম টেষ্ট ৰোহিতৰ কেৰিয়াৰৰো অন্তিমখন টেষ্ট হ’ব পাৰে। অহা বৰ্ষৰ আৰম্ভণিৰ ফালে চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। প্ৰতিবেদন অনুসৰি আগৰকাৰে ৰোহিতৰ সৈতে আলোচনাত মিলিত হৈ ৰোহিতক টেষ্টৰ দায়িত্বৰ পৰা আঁতৰাই চেম্পিয়নছ ট্ৰফীত মনোনিৱেশৰ বাবে সন্মত কৰাব পাৰে। উল্লেখ্য যে ৰোহিত শৰ্মাই টেষ্ট ফৰ্মেটত ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাত তেওঁ ৪ ইনিংছত ৫.৫ গড়ে  মাত্ৰ ২২ ৰানহে কৰিছে। এই চাৰিটা ইনিংছত ৰোহিত শৰ্মাৰ বেটৰ পৰা আহিছে ক্ৰমে ৩,৬,১০ আৰু ৩ ৰানৰ ইনিংছ। আনহাতে টেষ্টৰ শেহতীয়া ১৪টা ইনিংছত তেওঁ ১১.০৭ গড়ে মাত্ৰ ১৫৫ ৰানহে কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা মাত্ৰ ১টা অৰ্ধশতকহে আহিছে। এই ১৪ ইনিংছত ৰোহিতে ৫ বাৰ দহকৰ ঘৰ স্পৰ্শ কৰাৰ বিপৰীতে ১০ ৰানৰ কম স্ক’ৰত ৯ বাৰ আউট হৈছিল। এনে পৰিস্থিতিৰ পিছত সংকটাপন্ন হৈ পৰিছে ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা।


TWITTER

FACEBOOK