পৰাজয় পাকিস্তানৰ, সপোন ভাঙিল ভাৰতৰ।

DY365
DY365
Published: October 15,2024 04:20 PM
DY365

Story highlights

পৰাজয় পাকিস্তানৰ, সপোন ভাঙিল ভাৰতৰ।

 



১৫ অক্টোবৰ,২০২৪ -    পৰাজয় পাকিস্তানৰ, সপোন ভাঙিল ভাৰতৰ। 
আকৌ এবাৰ বিশ্বকাপৰ ট্ৰফী দখল কৰাৰ সপোন ভংগ হ'ল ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ। ডুবাইত আয়োজিত মহিলা টি-২০ বিশ্বকাপত সোমবাৰে পাকিস্তান মহিলা ক্ৰিকেট দলে নিউজিলেণ্ড মহিলা দলৰ হাতত পৰাজিত হোৱাৰ লগে লগেই পুনৰবাৰ বিশ্বকাপ ট্ৰফী জয় কৰাৰ সপোন চূৰ্ণ হ'ল হৰমনপ্ৰীত কৌৰ বাহিনীৰ। এইপৰ্যন্ত ৯খন টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে এবাৰো বিশ্বকাপৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হোৱা নাই। সোমবাৰৰ খেলখনৰ পূৰ্বে গ্ৰুপ পৰ্যায়ৰ পইণ্ট তালিকাত সমান সমান স্থানত আছিল ভাৰত আৰু নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দল। সেয়ে কালিৰ খেলখনত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ শেষ ভৰষা আছিল পাকিস্তান মহিলা ক্ৰিকেট দল। পাকিস্তানে নিউজিলেণ্ডৰ দলটোক পৰাজিত কৰিব পাৰিলেই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ছেমিফাইনেলৰ বাট মুকলি হলহেঁতেন। কিন্তু নিউজিলেণ্ড মহিলা দলে বান্ধি দিয়া ১১১ ৰাণৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ অহা পাকিস্তান মহিলা দলে বেটিং ব্যৰ্থতাৰ সম্মুখীন হৈ ৫৬ ৰানতে ইনিংছ সামৰে। ফলত পাকিস্তান মহিলা ক্ৰিকেট দলৰ পৰাজয়ৰ লগে লগেই আকৌ এবাৰ বিশ্বকাপ ট্ৰফী জয় কৰাৰ সপোন সপোনেই হৈ থাকিল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বাবে।


Related

TWITTER

FACEBOOK