সংকটত পাকিস্তান ক্ৰিকেট বোৰ্ড। ICC য়ে লব সিদ্ধান্ত।

DY365
DY365
Published: October 7,2024 07:35 PM
DY365

Story highlights

সংকটত পাকিস্তান ক্ৰিকেট বোৰ্ড। ICC য়ে লব সিদ্ধান্ত।

৭ অক্টোবৰ,২০২৪ -    সংকটত পাকিস্তান ক্ৰিকেট বোৰ্ড। ICC য়ে লব সিদ্ধান্ত। 



 মুলতানত আৰম্ভ হৈছে পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট। কিন্তু মুলতান টেষ্ট আৰম্ভ হোৱাৰ পূর্বেই পাকিস্তানত সংঘটিত সন্ত্ৰাসবাদী আক্রমণে এতিয়া আলোড়নৰ সৃষ্টি কৰিছে৷ দেওবাৰে নিশা কৰাচী বিমানবন্দৰৰ বাহিৰত এক বৃহৎ বিস্ফোৰণত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।এই বিস্ফোৰণৰ পিছতেই ছ’চিয়েল মিডিয়াত পাকিস্তানত চেম্পিয়নছ ট্ৰফীৰ আয়োজন নকৰিবলৈ আইচিচিৰ ওচৰত দাবী উত্থাপন কৰা হৈছে। আনকি ইংলেণ্ড ক্ৰিকেট দলকো একাংশই ইংলেণ্ড উভতি যাবলৈ পৰামৰ্শ দিছে। আগন্তুক ফেব্ৰুৱাৰী মাহত পাকিস্তানত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব, যাৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ড চেম্পিয়নছ ট্ৰফীৰ প্ৰস্তুতিত ব্যস্ত আছে। ইয়াৰ মাজতেই পাকিস্তানৰ কৰাচীৰ দৰে বৃহৎ চহৰত সংঘটিত বোমা বিস্ফোৰণৰ দৰে কাণ্ডই পুনৰবাৰ পাকিস্তানৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। 
উল্লেখ্য যে বিদেশী ক্ৰিকেট দলৰ নিৰাপত্তা সদায়েই পাকিস্তানৰ আটাইতকৈ ডাঙৰ বিষয় হৈ আহিছে। ২০০৯ চনত শ্ৰীলংকা ক্ৰিকেট দলৰ ওপৰত হোৱা আক্ৰমণৰ বাবে বহু বছৰ ধৰি পাকিস্তানত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট স্থগিত ৰখা হৈছিল। আনকি পাকিস্তান দলটোৱেও ইউ এ ইত ঘৰুৱা মেচসমূহ খেলিবলগীয়া হৈছিল।ছয় বছৰৰ পাছত অৰ্থাৎ ২০১৫ চনত জিম্বাবুৱেৰ দলটোৱে পাকিস্তান ভ্ৰমণ কৰিছিল। ২০০৯ চনৰ পিছত পাকিস্তান ভ্ৰমণ কৰা প্ৰথমটো সম্পূৰ্ণ সদস্য দল আছিল জিম্বাবুৱে। কিন্তু ইংলেণ্ড দলৰ পাকিস্তান ভ্ৰমণৰ সময়তেই সংঘটিত এই বিস্ফোৰণৰ পিছত এতিয়া ICC য়ে পাকিস্তানক চেম্পিয়নছ ট্ৰফী আয়োজন কৰিবলৈ অনুমতি দিবনে ইয়াক লৈ এতিয়া শংকা ব্যক্ত কৰা হৈছে।


Related

TWITTER

FACEBOOK