ৰঞ্জী ট্ৰফীৰ ইতিহাসত প্ৰথমবাৰলৈ ফাইনেলত কেৰালা

DY365
DY365
Published: February 22,2025 07:59 PM
DY365

Story highlights

ৰঞ্জী ট্ৰফীৰ ইতিহাসত প্ৰথমবাৰলৈ ফাইনেলত কেৰালা

২২ ফেব্ৰুৱাৰী ২০২৫-  ৰঞ্জী ট্ৰফীৰ ইতিহাসত প্ৰথমবাৰলৈ ফাইনেলত কেৰালা



 ৰঞ্জী ট্ৰফীৰ ইতিহাসত প্ৰথমবাৰলৈ ফাইনেলত প্ৰৱেশ কৰিছে কেৰালাই। গুজৰাটৰ বিৰুদ্ধে অনুষ্ঠিত ছেমি ফাইনেল খেলখন ড্ৰ’ হোৱাৰ পিছতেই ফাইনেলত প্ৰৱেশ কৰে কেৰালাই। আহমেদাবাদত অনুষ্ঠিত হোৱা খেলখনৰ নাটকীয় পৰিৱৰ্তনেৰে কেৰালাৰ ফাইনেল পথ নিশ্চিত কৰে। প্ৰথম ইনিংছত কেৰালাই সংগ্ৰহ কৰা ৪৫৭ ৰান কৰাৰ প্ৰত্যুত্তৰত ৪৫৫ ৰানত সীমাবদ্ধ হৈ ৰয় গুজৰাট। ফলত ২ ৰাণৰ অগ্ৰগতি লাভ কৰে গুজৰাটে। নিয়ম অনুসৰি ৰঞ্জী নকআউট মেচত যদি কোনো স্পষ্ট বিজয়ী দল নাথাকে, তেনেহলে প্ৰথম ইনিংছত সৰ্বাধিক স্ক’ৰ কৰা দলটোক বিজয়ী ঘোষণা কৰা হয়।



 গতিকে গুজৰাটৰ বিৰুদ্ধে প্ৰথম ইনিংছত লাভ কৰা ২ ৰাণৰ অগ্ৰগতিৰ বাবেই প্ৰথমবাৰৰ ৰঞ্জি ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰে কেৰালাই। BCCIৰ সৰ্ববৃহত ঘৰুৱা প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীত অভিষেকৰ ৬৮ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিলে কেৰালাই। এতিয়া  ৰঞ্জী ট্ৰফীৰ ফাইনেলত কেৰালাৰ মুখামুখি হ’ব দ্বিতীয়খন ছেমি ফাইনেলত মুম্বাইক ৮০ ৰানত পৰাস্ত কৰা বিদৰ্ভৰ।


Related

TWITTER

FACEBOOK