টিকট নোহোৱাকৈ যাত্ৰা কৰিব পৰা  ভাৰতৰ একমাত্ৰ ৰে’ল

DY365
DY365
Published: February 14,2025 11:21 PM
DY365

Story highlights

টিকট নোহোৱাকৈ যাত্ৰা কৰিব পৰা  ভাৰতৰ একমাত্ৰ ৰে’ল

১৪ ফেব্ৰুৱাৰী ২০২৫-   টিকট নোহোৱাকৈ যাত্ৰা কৰিব পৰা  ভাৰতৰ একমাত্ৰ ৰে’ল



ৰেলযোগে যাত্ৰা কৰিবলৈ টিকট বা ৰিজাৰ্ভচনৰ প্ৰয়োজন। ৰেলত টিকট নোহোৱাকৈ যাত্ৰা কৰি ধৰা পৰিলে জৰিমনা ভৰিব লাগিব লাগে আনকি জেললৈও যাবলগীয়া হব পাৰে। কিন্তু ভাৰতত এনেকুৱা এখন ৰেল আছে যিখন ৰেলত যাত্ৰা কৰিলে টিকট কিনাৰ প্ৰয়োজন নাই। বিগত ৭৫ বছৰ ধৰি বিনামূলীয়া সেৱা আগবঢ়াই আহিছে এই ৰেলখনে।



এই ৰেলখনৰ নাম ভকৰা-নংগল ৰেল। এই ৰেলখন প্ৰথমবাৰৰ বাবে চলিছিল ১৯৪৮ চনত। ইয়াৰ মূল উদ্দেশ্য আছিল ভকৰা-নংগল মথাউৰি নিৰ্মাণৰ বাবে শ্ৰমিক আৰু প্ৰয়োজনীয় সামগ্ৰী পৰিবহণ কৰা। কিন্তু এই ৰে’লখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতো চলি থাকিল, যাতে স্থানীয় লোকসকলে বিনামূলীয়া যাত্ৰাৰ সুবিধা লাভ কৰি থাকিব পাৰে। এই বান্ধটো ভাৰতৰ অন্যতম উচ্চতম মথাউৰি। 



এই ৰেলখনে পঞ্জাৱৰ নংগলৰ পৰা হিমাচল প্ৰদেশৰ ভকৰালৈ মুঠ ১৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। এই চুটি যাত্ৰাত ৰেলখনে তিনিটা সুৰংগৰ মাজেৰে পাৰ হৈ ছটা ষ্টেচনত ৰৈ যায়। বিশেষ কথাটো হ’ল এই যাত্ৰাৰ সময়ত যাত্ৰীসকলে ছতলেজ নদী আৰু শিৱলিক পাহাৰৰ সৌন্দৰ্য্যও উপভোগ কৰিব পাৰে।



ইয়াত আপোনালোকে জনাটো জৰুৰী যে এই ৰেলখন ভাৰতীয় ৰেলৱেৰ অধীনলৈ নাহে। এই ৰে’লখন ভকৰা বিয়াছ মেনেজমেণ্ট ব’ৰ্ড (বিবিএমবি)ৰ দ্বাৰা পৰিচালিত। বিবিএমবিয়ে ইয়াক বিনামূলীয়া সেৱা হিচাপে ৰখাৰ সিদ্ধান্ত লয় যাতে এই ৰে’লখনে ভকৰা-নংগল বান্ধ নিৰ্মাণৰ ঐতিহাসিক তাৎপৰ্য জীয়াই ৰাখিব পাৰে।
 
ৰেল চলাবলৈ ঘণ্টাত ১৮-২০ লিটাৰ ডিজেল খৰচ হয়। ইয়াৰ পিছতো বিবিএমবিয়ে কেতিয়াও ইয়াক ভাড়া ভিত্তিক ৰেল হিচাপে নিৰ্মাণ কৰা নাছিল। স্বাধীনতাৰ পাছত ভাৰতৰ ঔদ্যোগিক অগ্ৰগতিৰ প্ৰতি সন্মান জনোৱাৰ লগতে স্থানীয় জনসাধাৰণক সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছিল।



প্ৰথম অৱস্থাত এই ৰেলখন ভাপ ইঞ্জিনৰ দ্বাৰা পৰিচালিত হৈছিল যদিও ১৯৫৩ চনত ইয়াত ডিজেল ইঞ্জিন স্থাপন কৰা হয়। এই ৰেলখনত লগোৱা কাঠৰ ডবাবোৰ পাকিস্তানৰ কৰাচীত নিৰ্মিত আৰু এতিয়াও ৰেলখনত উপস্থিত আছে। এই যাত্ৰা কেৱল এক যাত্ৰা নহয় বৰঞ্চ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰাৰ অভিজ্ঞতা প্ৰদান কৰে।


Related

TWITTER

FACEBOOK