বাংলাদেশৰ বিৰুদ্ধে ব্যৰ্থ টপ অৰ্ডাৰ। অশ্বিন, জাদেজাৰ বেটিং বিক্ৰমেৰে দৃঢ় স্হিতি  টীম ইণ্ডিয়াৰ।

DY365
DY365
Published: September 19,2024 07:14 PM
DY365

Story highlights

বাংলাদেশৰ বিৰুদ্ধে ব্যৰ্থ টপ অৰ্ডাৰ। অশ্বিন, জাদেজাৰ বেটিং বিক্ৰমেৰে দৃঢ় স্হিতি  টীম ইণ্ডিয়াৰ।

১৯ ছেপ্তেম্বৰ,২০২৪- বাংলাদেশৰ বিৰুদ্ধে ব্যৰ্থ টপ অৰ্ডাৰ। অশ্বিন, জাদেজাৰ বেটিং বিক্ৰমেৰে দৃঢ় স্হিতি  টীম ইণ্ডিয়াৰ। 



আজিৰে পৰা চেন্নাইত আৰম্ভ হৈছে টীম ইণ্ডিয়া আৰু বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্ট। টছত পৰাজিত হৈ বেটিং কৰিবলৈ অহা টীম ইণ্ডিয়াই আৰম্ভণিতেই সম্মুখীন হয় বেটিং বিপৰ্যয়ৰ। বাংলাদেশৰ পেছ বলাৰৰ সম্মুখত তিষ্ঠিব নোৱাৰিলে টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। সম্পূৰ্ণৰুপে ব্যৰ্থ অধিনায়ক ৰোহিত শৰ্মা [৬], শুভমন গিল [০], বিৰাট কোহলী [৬] আৰু  কে এল ৰাহুল [১৬] । যষশ্বী জয়ছোৱালে ৫৬ ৰাণৰ অৰ্ধশতকীয় ইনিংছ খেলাৰ বিপৰীতে  ঋষভ পণ্টে ৩৯ ৰাণৰ অৰিহণা আগবঢ়ায়। ১৪৪ ৰাণতে ৬ টাকৈ উইকেট হেৰুৱাই বিপদত পৰা টীম ইণ্ডিয়াক উদ্ধাৰ কৰে অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই। দিনটোৰ শেষলৈকে অশ্বিনে ১০২ ৰাণত অপৰাজিত হৈ থকাৰ বিপৰীতে ৮৬ ৰাণত  অপৰাজিত হৈ আছে ৰবীন্দ্ৰ জাদেজা। অশ্বিনৰ ১০২ ৰাণত অপৰাজিত ইনিংছটোত আছে ১০ টা বাউণ্ডাৰী আৰু ৪ অভাৰ বাউণ্ডাৰী। অশ্বিন-জাদেজাৰ যুঁটিটোৱে সপ্তম উইকেটত সংগ্ৰহ কৰিছে অপৰাজিত ১৯৫ ৰাণ। দিনটোৰ শেষত টীম ইণ্ডিয়াৰ সংগ্ৰহ ৬ উইকেটৰ বিনিময়ত ৩৩৯ ৰাণ। বাংলাদেশৰ হৈ হাছান মেহমুদে ৪টা আৰু নাহিদ ৰাণা, মেহেদী হাছান মিৰাজে ১ টাকৈ উইকেট দখল কৰে।  


Related

TWITTER

FACEBOOK