৩৬ বছৰীয়া অপেক্ষাৰ অন্ত। বেংগালুৰুত ৮ উইকেটত পৰাস্ত টীম ইণ্ডিয়া।

DY365
DY365
Published: October 20,2024 02:34 PM
DY365

Story highlights

৩৬ বছৰীয়া অপেক্ষাৰ অন্ত। বেংগালুৰুত ৮ উইকেটত পৰাস্ত টীম ইণ্ডিয়া।

২০ অক্টোবৰ,২০২৪-   ৩৬ বছৰীয়া অপেক্ষাৰ অন্ত। বেংগালুৰুত ৮ উইকেটত পৰাস্ত টীম ইণ্ডিয়া। 
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত বেংগালুৰুত অনুষ্ঠিত প্ৰথমখন টেষ্টত ৮ উইকেটত পৰাস্ত হ'ল টীম ইণ্ডিয়া। প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰাণতে ইনিংছ সামৰাৰ পিছত দ্বিতীয় ইনিংছত টীম ইণ্ডিয়াই ছৰফৰাজ খানৰ দৰ্শনীয় শতকৰ লগতে ঋষভ পণ্ট, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অৰ্ধশতকৰ সহায়ত ৪৬২ ৰাণত ইনিংছ সামৰে। ছৰফৰাজ খানে ১৫০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ঋষভ পণ্টে ৯৯, বিৰাট কোহলীয়ে ৭০ আৰু ৰোহিত শৰ্মাই ৫২ ৰাণৰ অৰিহণা আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ মেট হেনৰী আৰু ৱিল ও ৰুৰ্কে ৩টা আৰু আজাজ পেটেলে ২টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ১০৭ ৰাণৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ অহা নিউজিলেণ্ডে উইল ইয়ঙৰ অপৰাজিত ৪৮ আৰু ৰচীন ৰবীন্দ্ৰৰ অপৰাজিত ৩৯ ৰাণৰ সহায়ত দুটা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহে দুয়োটা উইকেট দখল কৰে। 
উল্লেখ্য যে সুদীৰ্ঘ ৩৬ বছৰৰ অন্তত ভাৰতৰ মাটিত এয়া প্ৰথমখন টেষ্ট জয় নিউজিলেণ্ডৰ। আনহাতে ২০০৫ চনত পিছত বেংগালুৰুত টেষ্ট ক্ৰিকেটত এয়া আছিল টীম ইণ্ডিয়াৰ প্ৰথমটো পৰাজয়।


Related

TWITTER

FACEBOOK