১৪ ফেব্ৰুৱাৰী ২০২৫- চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে কঠোৰ সিদ্ধান্ত BCCIৰ !
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে লৈছে কঠোৰ সিদ্ধান্ত। চেম্পিয়নছ ট্ৰফীৰ বাবে যোৱা ভাৰতীয় দলৰ কোনো খেলুৱৈয়ে নিজৰ পৰিয়ালক লগত লৈ যাব নোৱাৰিব। আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা ক্ৰিকেট ভ্ৰমণলৈ পৰিয়ালক লগত লৈ যোৱাৰ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নতুন নীতিৰ ৰূপায়ণ আৰম্ভ কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাস্ত হোৱাৰ পিছতেই বিচিচিআইয়ে এই নতুন ভ্ৰমণ নীতি গ্ৰহণ কৰিছিল।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি তিনি সপ্তাহজোৰা এই প্ৰতিযোগিতাত খেলুৱৈসকলৰ পৰিয়ালে তেওঁলোকৰ সৈতে যাব নোৱাৰিব। ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে অহা ১৫ ফেব্ৰুৱাৰীত ডুবাইলৈ ৰাওনা হ’ব। ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে অভিযান আৰম্ভ কৰিব, তাৰ পিছত পাকিস্তানৰ বিৰুদ্ধে (২৩ ফেব্ৰুৱাৰী) আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব।
বিচিচিআইৰ ভ্ৰমণ নীতিত কোৱা হৈছে, ‘যদি কোনো খেলুৱৈয়ে বিদেশ ভ্ৰমণত ৪৫ দিন বা তাতকৈ অধিক সময় ভাৰতৰ বাহিৰত থাকে তেন্তে খেলুৱৈগৰাকীৰ পত্নী আৰু সন্তানে খেলুৱৈগৰাকীৰ লগত সৰ্বাধিক ২ সপ্তাহ থাকিব পাৰে। যদি তেওঁলোকে এই নীতিৰ পৰা আঁতৰি যায় তেন্তে তেওঁলোকে প্ৰশিক্ষক, অধিনায়ক আৰু জি এম অপাৰেচনৰ পৰা অনুমতি ল’ব লাগিব। ইয়াৰ বাহিৰে আন সময়ছোৱাৰ খৰচ বিচিচিআইয়ে বহন নকৰে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতৰ পৰাজয়ৰ পিছতেই এই নীতি গ্ৰহণ কৰিছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ।