অশ্বিনৰ স্পীন যাদুত বিধ্বস্ত বাংলাদেশ। চেন্নাই টেষ্টত আত্মসমৰ্পন বাংলাদেশৰ।

DY365
DY365
Published: September 22,2024 04:39 PM
DY365

Story highlights

অশ্বিনৰ স্পীন যাদুত বিধ্বস্ত বাংলাদেশ। চেন্নাই টেষ্টত আত্মসমৰ্পন বাংলাদেশৰ।

২২ ছেপ্তেম্বৰ,২০২৪-   অশ্বিনৰ স্পীন যাদুত বিধ্বস্ত বাংলাদেশ। চেন্নাই টেষ্টত আত্মসমৰ্পন বাংলাদেশৰ।



চাৰিদিনতে সমাপ্ত হ'ল টীম ইণ্ডিয়া আৰু বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট। ৫১৫ ৰাণৰ বিশাল বিজয়লক্ষ্যৰে চতুৰ্থ ইনিংছত বেটিং কৰিবলৈ অহা বাংলাদেশে  ৰবিচন্দ্ৰণ অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ স্পীন যাদুত দিশহাৰা হৈ ইনিংছ সামৰে ২৩৪ ৰাণত। অশ্বিনে ৬টা উইকেট দখল কৰাৰ বিপৰীতে  জাদেজাই দখল কৰে ৩ টা উইকেট। বাংলাদেশৰ হৈ অধিনায়ক ছাণ্টোয়ে সৰ্বাধিক ৮২ ৰাণৰ অৰিহণা দললৈ আগবঢ়ায়। ইয়াৰ বিপৰীতে প্ৰথম ইনিংছত ২২৭ ৰাণৰ অগ্ৰগতি লাভ কৰা টীম ইণ্ডিয়াই তৃতীয় ইনিংছত শুভমন গিলৰ অপৰাজিত ১১৯ আৰু ঋষভ পণ্টৰ ১০৯ ৰাণৰ সহায়ত ৪ উইকেটৰ বিনিময়ত ২৮৭ ৰাণত ইনিংছ ঘোষণা কৰে। প্ৰত্যুত্তৰত বাংলাদেশে ২৩৪ ৰাণত ইনিংছ সামৰি ২৮০ ৰাণৰ বৃহৎ ব্যৱধাণত পৰাজয়বৰণ কৰে। খেলখনত ১১৩ ৰাণৰ শতকীয় ইনিংছ খেলাৰ লগতে ৬ টাকৈ উইকেট দখল কৰা  ৰবিচন্দ্ৰণ অশ্বিনে লাভ কৰে মেন অৱ দা মেচৰ সন্মান। উল্লেখ্য যে টীম ইণ্ডিয়া আৰু বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন  টেষ্ট ২৭ ছেপ্তেম্বৰৰ পৰা কাণপুৰত অনুষ্ঠিত হ'ব।


Related

TWITTER

FACEBOOK