মেচ ফিক্সিঙৰ পিছতেই মহম্মদ ছামীৰ বিৰুদ্ধে আন এক অভিযোগ পত্নীৰ।

DY365
DY365
Published: October 4,2024 05:51 PM
DY365

Story highlights

মেচ ফিক্সিঙৰ পিছতেই মহম্মদ ছামীৰ বিৰুদ্ধে আন এক অভিযোগ পত্নীৰ।

৪ অক্টোবৰ,২০২৪ -  মেচ ফিক্সিঙৰ পিছতেই মহম্মদ ছামীৰ বিৰুদ্ধে আন এক অভিযোগ পত্নীৰ। 



মেচ ফিক্সিঙৰ দৰে ভয়ংকৰ অভিযোগৰ পিছত টীম ইণ্ডিয়াৰ ষ্টাৰ ক্ৰিকেটাৰ মহম্মদ ছামীৰ বিৰুদ্ধে আন এক অভিযোগ ছামীৰ প্ৰাক্তন পত্নী হাছিন জাহানৰ। শেহতীয়াকৈ মহম্মদ ছামীয়ে তেওঁৰ কন্যা আয়ৰাক লগ পাইছিল। কন্যা আয়ৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত ছামীক অতি আৱেগিক দেখা গৈছিল, যাৰ ভিডিঅ’টো ছামীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছতেই হাছিন জাহানে ছামীৰ বিৰুদ্ধে কিছু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।  কন্যা আয়ৰাৰ পাছপ’ৰ্টৰ ম্যাদ উকলি যোৱাত নতুন পাছপ’ৰ্টৰ বাবে চহী বিছাৰি ছামীক লগ কৰিবলৈ গৈছিল, কিন্তু ছামীয়ে চহী নকৰাৰ অভিযোগ হাছিন জাহানৰ। ভিডিঅ’টোত  ছামীয়ে কন্যা আয়ৰাক শ্বপিং মললৈ লৈ গৈছিল। এই সন্দৰ্ভত হাছিন জাহানে কয় যে, আয়ৰাক গীটাৰ আৰু কেমেৰাৰ প্ৰয়োজন আছিল কিন্তু ছামীয়ে  আয়ৰাক গীটাৰ আৰু কেমেৰা নিদিলে। ছামীয়ে নিজৰ কন্যাক বিজ্ঞাপন দিয়া কোম্পানীটোৰ পৰা জোতা আৰু কাপোৰ এইবাবেই কিনি দিছিল কাৰণ তেওঁ সেই কোম্পানীটোৰ পৰা শ্বপিং কৰিলে টকা দিব নালাগে। 
উল্লেখ্য যে আঘাতৰ বাবে মহম্মদ ছামী বৰ্তমান ভাৰতীয় ক্ৰিকেটৰ দলৰ পৰা বাহিৰত আছে। ছামী বৰ্তমান বেংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত ৰিহাবিং কৰি আছে। আগন্তুক নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাত ছামীয়ে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে।


Related

TWITTER

FACEBOOK