কানপুৰ টেষ্টত টীম ইণ্ডিয়াৰ ৰেকৰ্ডৰ বৰষুণ। কোনে গঢ়িলে কি কি অভিলেখ?

DY365
DY365
Published: September 30,2024 06:35 PM
DY365

Story highlights

কানপুৰ টেষ্টত টীম ইণ্ডিয়াৰ ৰেকৰ্ডৰ বৰষুণ। কোনে গঢ়িলে কি কি অভিলেখ?

৩০ ছেপ্তেম্বৰ,২০২৪- কানপুৰ টেষ্টত টীম ইণ্ডিয়াৰ ৰেকৰ্ডৰ বৰষুণ। কোনে গঢ়িলে কি কি অভিলেখ?



ভ্ৰমণকাৰী দল বাংলাদেশৰে সৈতে চলি থকা কানপুৰ টেষ্টত ৰেকৰ্ডৰ বৰষুণ গঢ়িছে টীম ইণ্ডিয়াই। শৃংখলাটোৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ চতুৰ্থ দিনা ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই গঢ়িলে কেইবাটাও বিশ্ব ৰেকৰ্ড। টেষ্টখনৰ দ্বিতীয় আৰু তৃতীয় দিনাৰ খেল বৰষুণৰ বাবে সম্পূৰ্ণৰূপে বাতিল হোৱাৰ পিছত আজি খেলপথাৰত নমাৰ পিছৰেই পৰাই এটাৰ পিছত আন এটা ৰেকৰ্ড গঢ়ি গৈছে টীম ইণ্ডিয়া আৰু টীম ইণ্ডিয়াৰ খৈলুৱৈসকলে। 
-টেষ্ট ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ দ্ৰুততম ৫০-১০০-১৫০-২০০-২৫০ ৰাণ সংগ্ৰহ কৰা দলটোৱেই হৈছে টীম ইণ্ডিয়া 
- ক্ৰিকেট ইতিহাসত দ্ৰুততম ২৭,০০০ হাজাৰ ৰাণ সংগ্ৰহ বিৰাট কোহলীৰ (৫৯৪ ইনিংছ)
- টেষ্ট ক্ৰিকেটত ৩০০ টা উইকেট দখল ৰবীন্দ্ৰ জাদেজাৰ। ৩০০ টা উইকেট দখল ৰবীন্দ্ৰ জাদেজা হৈছে ভাৰতৰ সপ্তমজন  বলাৰ।
- টেষ্ট ক্ৰিকেটত ৩০০ টা উইকেট আৰু ৩০০০ হাজাৰ সংগ্ৰহ কৰা ৰবীন্দ্ৰ জাদেজা বিশ্বৰ একাদশ আৰু ভাৰতৰ তৃতীয়জন ক্ৰিকেটাৰ
- টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ দ্বিতীয় দ্ৰুততম অৰ্ধশতক সংগ্ৰহ যশস্বী জয়ছোৱালৰ (২৮ বলত)
- টেষ্ট ক্ৰিকেটৰ এটা কেলেণ্ডাৰ বৰ্ষত আটাইতকৈ বেছি ছিক্স কোবোৱা দলটো টীম ইণ্ডিয়া
-টেষ্ট ক্ৰিকেটৰ প্ৰথম দুটা বলত ছয় কোবোৱা ৰোহিত শৰ্মা বিশ্বৰ চতুৰ্থজন ক্ৰিকেটাৰ। 
উল্লেখ্য যে বাংলাদেশৰ প্ৰথম ইনিংছত ২৩৩ ৰাণৰ প্ৰত্ত্যুত্তৰত টীম ইণ্ডিয়াই ৯ উইকেটৰ বিনিময়ত ২৮৫ ৰাণত ইনিংছ ঘোষণা কৰে। চতুৰ্থ দিনাৰ খেল শেষ হোৱালৈকে বাংলাদেশে ২ উইকেটৰ বিনিময়ত ২৬ ৰাণ সংগ্ৰহ কৰিছে। হাতত ৮ উইকেট বাকী থকা অৱস্থাত বাংলাদেশে এতিয়াও ২৬ ৰাণত পিছপৰি আছে।


Related

TWITTER

FACEBOOK