আজিৰে পৰা এমাহলৈ বন্ধ ঘোষণা বিদ্যালয়! কিন্তু কিয়?

DY365
DY365
Published: July 1,2024 10:07 AM
DY365

Story highlights

আজিৰে পৰা বন্ধ থাকিব বিদ্যালয়। এমাহলৈ বিদ্যালয় বন্ধ ঘোষণা। ১ জুলাইৰ পৰা এমাহলৈ বন্ধ থাকিব বিদ্যালয়।

১জুলাই,২০২৪: আজিৰে পৰা বন্ধ থাকিব বিদ্যালয়। এমাহলৈ বিদ্যালয় বন্ধ ঘোষণা। ১ জুলাইৰ পৰা এমাহলৈ বন্ধ থাকিব বিদ্যালয়। ‘আজিৰ পৰা স্কুল বন্ধ, গোলাপ ফুলৰ গোন্ধ।’ আজিৰে পৰা স্কুল সমূহত এমাহৰ বাবে গৰমৰ বন্ধ। গ্ৰীষ্ম বন্ধৰ মাদকতাই সুকীয়া। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে নিজ ইচ্ছামতে যেন উদযাপন কৰিছে গ্ৰীষ্ম বন্ধ। আনন্দত আত্মহাৰা হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। গৰম বন্ধ মানেই মোমায়েকৰ ঘৰলৈ যোৱা, জেঠাইৰ ঘৰলৈ যোৱা, পেহীৰ ঘৰলৈ যোৱা আৰু যে ক’ত কি। গৰম বন্ধত পথাৰলৈ যোৱা, মৈত উঠা, বৰশী টোপোৱা, আম-কঁঠাল খোৱা,চাইকেল চলোৱা এক আনন্দৰ সময়। ৩০ জুনত স্কুলসমূহত মৌমেলত অংশগ্ৰহণ কৰাৰ যি আনন্দ সেইয়া হয়তো সকলোৱে উপলব্ধি কৰিব পাৰে। এই সময় কণ-কণ ছাত্ৰ-ছাত্ৰীৰ বাবে আনন্দৰ সময়। তাহানিৰ গৰমৰ বন্ধ আৰু আজিৰ গৰমৰ বন্ধৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়।  



যান্ত্ৰিকতাৰ ধামখুমীয়াত সময়ৰ সৈতে খোঁজ মিলাবলৈ গৈ গ্ৰীষ্ম বন্ধৰ মাদকতা যেন হেৰাই গৈছে। গ্ৰীষ্ম বন্ধত বিভিন্ন কৰ্মশালাত নিজৰ শিশুৰ অংশগ্ৰহণ, সন্তানক লৈ শ্বিলং-গোৱা-অৰুণাচললৈ ফুৰিবলৈ যোৱা আদি বিভিন্ন পৰিকল্পনা কৰে একাংশ অভিভাৱকে। এইয়া যে সময়ৰে আহ্বান। কিন্তু মাটিৰ সৈতে সংপৃক্ত হৈ চহা মাটিৰ গোন্ধ থকা গাঁৱখনৰ সৈতে, আপোন পথাৰখনৰ সৈতে, আপোন মানুহখিনিৰ সৈতে নিজ সন্তানক চিনাকী কৰাই দিয়াৰ এইয়া যে উৎকৃষ্ট সময় গ্ৰীষ্ম বন্ধ। শিশুৰ মানসিকতাক যান্ত্ৰিকতাৰ পৰা আঁতৰাই নিভাজ মৰম, চহা পৰিৱেশৰে সংপৃক্ত কৰাই দিয়াটো অভিভাৱকৰ প্ৰধান দায়িত্ব। মাহযোৰা এই গৰমৰ বন্ধৰ সময়ছোৱাত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক নিজ ইচ্ছামতে উদযাপন কৰিবলৈ এৰি দিয়াটো খুবেই প্ৰয়োজন। তাহানিৰ গৰম বন্ধ মানেই সাধু কিতাপ পঢ়া, চোতালত আইতাৰ পৰা সাধু শুনা, ককাৰ সৈতে পথাৰলৈ যোৱা, মাৰ সৈতে মোমাইৰ ঘৰলৈ যোৱা, সমনীয়াৰ সৈতে খেলা-ধূলা কৰা, কঁঠাল-আম খোৱা, গাঁৱৰ পুথিভড়ালত গৈ কিতাপ পঢ়া এই পৰিৱেশ যেন আজিকালি হেৰাই যাবলৈ ধৰিছে। তথাপিও গ্ৰীষ্ম বন্ধ বা Summer Vacationৰ কৌতূহল যেন মাৰ যোৱা নাই শিশুসকলৰ। 


Related

TWITTER

FACEBOOK