৪ ডিচেম্বৰ,২০২৩ঃ আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ঘোষণা হ’ব মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল। ৪০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। ৪০খন আসনৰ ভোটগণনা আৰম্ভ হ’ল ৮ বজাত। প’ষ্টেল বেলটেৰে আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া।
MNF আৰু ZPMৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা। এগজিট প’লৰ মতে এইবাৰ মিজোৰামত ওলোমা চৰকাৰ। কংগ্ৰেছেও নিৰ্ণায়ক ভূমিকা ল’ব পাৰে ৰাজ্যখনত। ইতিমধ্যে ৩ ৰাজ্য ক্ৰমে- ৰাজস্থান, মধ্যপ্ৰদেশ আৰু চত্তিশগড়ৰ নিৰ্বাচন জয় লাভ কৰিছে বিজেপিয়ে। আনহাতে তেলেংগানাত জয়ী হৈছে কংগ্ৰেছ।