বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা ৰেড, অৰেঞ্জ, য়েল্ল’ এলাৰ্টৰ অৰ্থ কি?

DY365
DY365
Published: May 3,2024 08:53 PM
DY365

Story highlights

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা ৰেড, অৰেঞ্জ, য়েল্ল’ এলাৰ্টৰ অৰ্থ কি? আৰু কোনটো ৰঙৰ এলাৰ্টে কি বুজায়।

৩ মে’, ২০২৪: দেশৰ কেইবাখনো ৰাজ্যত তাপমাত্ৰাক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। সম্ভাব্য় গ্ৰীষ্ম প্ৰবাহকলৈ বতৰক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই সঘনাই সতৰ্কবাণী জাৰি কৰা দেখা গৈছে। আজি আপোনালোকক জনাবলৈ বিচাৰিছো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা ৰেড, অৰেঞ্জ, য়েল্ল’ এলাৰ্টৰ অৰ্থ কি? আৰু কোনটো ৰঙৰ এলাৰ্টে কি বুজায়। 



ৰেড এলাৰ্টঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি ৰেড এলাৰ্ট সেই পৰিস্থিতিত জাৰি কৰা হয় য’ত প্ৰাণহানি হোৱাৰ আশংকা আটাইতকৈ বেছি। গ্ৰীষ্ম প্ৰবাহ বা গৰমৰ তাপমাত্ৰা বৃদ্ধি হৈ সকলো ৰেকৰ্ড ভংগ কৰি পেলাই তেতিয়া ৰেড এলাৰ্ট জাৰি কৰি প্ৰশাসনক সকলো ধৰণৰ জৰুৰীকালীন অৱস্থাৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰা হয়। 
   
অৰেঞ্জ এলাৰ্টঃ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা অৰেঞ্জ এলাৰ্ট হৈছে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ আগতে দিয়া সাৱধানবাণী। অৰেঞ্জ এলাৰ্টৰ অৰ্থ হৈছে সাজু হৈ থকাৰ নিৰ্দেশ। আহিবলগীয়া দিনকেইটাত গৰমৰ প্ৰকোপ বৃদ্ধিৰ সম্ভাৱনাৰে সাৱধানবাণী। এই এলাৰ্টৰ জৰিয়তে মানুহক প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিয়া হয়। 



য়েল্ল’ এলাৰ্টঃ য়েল্ল’ এলাৰ্ট হৈছে আহিবলগীয়া গ্ৰীষ্ম প্ৰবাহ বা গৰমক লৈ মানুহক সতৰ্ক হৈ থাকিবলৈ জনোৱা এলাৰ্ট। যিকোনো সময়তে পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনাৰে এই এলাৰ্ট জাৰি কৰা হয়। 



গ্ৰীন এলাৰ্টঃ বতৰ যেতিয়া স্বাভাৱিক অৱস্থাত থাকে তেতিয়া গ্ৰীন এলাৰ্ট জাৰি কৰা হয়।


Related

TWITTER

FACEBOOK