প্ৰি–কোৱাৰ্টাৰ ফাইনেলত জয়ী লাভলীনা বৰগোহাঁই

DY365
DY365
Published: July 31,2024 04:33 PM
DY365

Story highlights

বিজয়েৰে পেৰিছ অলিম্পিকত অভিযান আৰম্ভ লাভলীনা বৰগোহাঁইৰ। নৰৱে’ৰ প্ৰতিদ্বন্দ্বী ছুন্নীভা হফষ্টাডক ধৰাশায়ী কৰি কোৱাৰ্টাৰত অসম কন্যা।

৩১জুলাই,২০২৪:বিজয়েৰে পেৰিছ অলিম্পিকত অভিযান আৰম্ভ লাভলীনা বৰগোহাঁইৰ। নৰৱে’ৰ প্ৰতিদ্বন্দ্বী ছুন্নীভা হফষ্টাডক ধৰাশায়ী কৰি কোৱাৰ্টাৰত অসম কন্যা। ৭৫ কেজি শাখাত প্ৰত্যাশিতভাৱেই অভিযান আৰম্ভ। ৪ আগষ্টত কোৱাৰ্টাৰ ফাইনেল খেলিব দুৰন্ত ৰিঙৰ ৰাণীয়ে। অলিম্পিকত ৰেংকিং পোৱা লাভলীনা একমাত্ৰ ভাৰতীয় বক্সাৰ। কোৱাৰ্টাৰ ফাইনেলত বিজয় সাব্যস্ত কৰিলেই মেডেল নিশ্চিত লাভলীনাৰ। দুখন মেচত জয়ী হ’লেই পুনৰ এটা পদক নিশ্চিত হ’ল লাভলীনাৰ বাবে। সকলো ঠিকে থাকিলে ১১ আগষ্টত ৰ’লা গেৰ’ত খেলিব ফাইনেল। 


Related

TWITTER

FACEBOOK