পুনৰ বিদ্যুৎ মাছুল বৃদ্ধিৰে লুন্ঠনৰ তৎপৰতা! ১ এপ্ৰিলৰ পৰা ৰাজ্যত বিদ্যুৎ বিলত হ'ব পাৰে ব্যাপক সাল সলনী

DY365
DY365
Published: January 20,2025 05:47 PM
DY365

Story highlights

১ এপ্ৰিলৰ পৰা ৰাজ্যত বিদ্যুৎ বিলত হ'ব পাৰে ব্যাপক সাল সলনি।  দিনটোত ৩ টা সময়ৰ ভিত্তিত বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্ত এনে ধৰনৰ,  দিনৰ ভাগত, সন্ধিয়া আৰু নিশা এই ৩ টা ভাগত পৃথক হ'ব বিদ্যুৎ মাচুল।

আকৌ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাবলৈ সাজু হৈছে নেকি শক্তি বিভাগ? এইবাৰ বিদ্যুৎ মাছুল বৃদ্ধিৰে লুন্ঠনৰ তৎপৰতা! ১ এপ্ৰিলৰ পৰা ৰাজ্যত বিদ্যুৎ বিলত হ'ব পাৰে ব্যাপক সাল সলনি।  দিনটোত ৩ টা সময়ৰ ভিত্তিত বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্ত এনে ধৰনৰ,  দিনৰ ভাগত, সন্ধিয়া আৰু নিশা এই ৩ টা ভাগত পৃথক হ'ব বিদ্যুৎ মাচুল। 





৩ টা শ্লেবত বিল নিৰ্ধাৰণ কৰিব APDCL য়ে । প্ৰথম শ্লেবত দিনৰ ভাগত হ'ব প্ৰতি ইউনিটত ৬.৯৯ টকা। পিক আৱাৰত প্ৰতি ইউনিটত ৯.৬২ টকা আৰু gনিশাৰ ভাগত প্ৰতি ইউনিটত বিদ্যুৎ মাচুল ৮.৯৪ টকা নিৰ্ধাৰণ কৰা হৈছে।



এই সাল সলনিৰ বাবে gঅসম বিদ্যুৎ নিয়ামক আয়োগক আবেদন দাখিল কৰিছে APDCL এ।  ফেব্ৰুৱাৰী মাহত APDCL আবেদনৰ শুনানি গ্ৰহণ কৰিব অসম বিদ্যুৎ নিয়ামক আয়োগে। আৰু আয়োগে সিদ্ধান্ত মানি ল'লে g১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন বিদ্যুৎ নিৰিখ। অৱশ্যে দিনৰ ভাগত, সন্ধিয়া আৰু নিশা তিনিটা পৃথক ভাগত মাছুল নিৰ্ধাৰণৰ বাবে জনোৱা আবেদনত কোনটো সময়ত কিমান মাছুল হ'ব সেয়া এতিয়াও উল্লেখ কৰা নাই APDCL এ।


Related

TWITTER

FACEBOOK