২ এপ্ৰিল,২০২৪: হিন্দু ৰজাৰ সৈতে এগৰাকীয়ে মোগল ৰাজকুমাৰীয়ে কৰা প্ৰেমৰ ভয়ংকৰ পৰিনাম ভুগ কৰিবলগীয়া হৈছিল! ২০ বছৰে নিজ পিতৃয়ে নজৰ বন্দী কৰি ৰাখিছিল সেইগৰাকী মোগল ৰাজকুমাৰীক। মোগল সম্ৰাট ঔৰংগজেৱ আৰু ৰাণী দিলৰাজ বানু বেগমৰ ছোৱালীৰ নাম আছিল জেবুন্নিচা আৰু হিন্দু ৰজাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়াৰ দুঃসাহস এই গৰাকী ৰাজকুমাৰীয়ে কৰিছিল। জেবুন্নিচাৰ জন্ম হৈছিল ১৬৩৮চনৰ ১৫ ফেব্ৰুৱাৰীত। পঢ়া–শুনা কৰাত জেবুন্নিচাৰ আছিল অধিৰ আগ্ৰহ। কবিতাকলৈও আছিল এক অন্য চখ। শ্বায়েৰী লিখাৰো চখ আছি জেবুন্নিচাৰ। ৰাজকুমাৰী কূটনৈতিক আৰু ৰাজনৈতিক দিশতো জেবুন্নিচা আছিল পাৰদৰ্শী।কূটনৈতিক আৰু ৰাজনৈতিক বিচক্ষনতাৰ বাবে ঔৰংগজেৱে প্ৰায়ে জেবুন্নিচাৰ পৰা ৰাজ দৰবাৰত বিভিন্ন বিষয়ত পৰামৰ্শ লৈছিল। পান্নাৰ ৰজা ছত্ৰশালৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল বুলি কোনো কোনোৱে দাবী কৰে। আৰু কোনো কোনোৱে দাবী কৰে জেবুন্নিচাৰ সম্পৰ্ক মোগল দৰবাৰৰ এজন উচ্চপদস্থ বিষয়াৰ পুত্ৰৰ লগত প্ৰেমৰ সম্পৰ্ক হয় যাৰ নাম আছিল অখিল খান আৰু যাৰ বাবে মোগল সম্ৰাট ঔৰংগজেৱে জেবুন্নিচাক বিশ্ৱাস কৰা এৰি দিছিল আৰু ২০ বছৰলৈকে জেবুন্নিচাক নজৰ বন্দী কৰি ৰাখিছিল। ২০ বছৰৰ কাৰবাসত জেবুন্নিচাই কৃষ্ণ ভক্তিৰ ওপৰত কবিতা লিখা বুলি বহুলোকে ক’ব খোজে। কিছু কিছু সমলত উল্লেখ আছে যে জেবুন্নিচাই নিজৰ প্ৰেমৰ সম্পৰ্কৰ বাবে আজীৱন অবিবাহিত হৈ থাকিল। ৬৪ বছৰ বয়সত ১৭০২ চনৰ ২৬ মে’ত শেষ নিশ্বাস ত্যাগ কৰিছিল এইগৰাকী ৰাজকুমাৰীয়ে।