২৮ মাৰ্চ, ২০২৫- বন্ধ হ'ব পাৰে আপোনাৰ চিম কাৰ্ড!
লাখ লাখ চিম কাৰ্ড ব্যৱহাৰকাৰীলৈ এইমূহূৰ্তত ডাঙৰ খবৰ। হঠাতে বন্ধ হৈ পৰিব পাৰে আপুনি ব্যৱহাৰ কৰি থকা চিম কাৰ্ডখন। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ব্লক কৰিছে ৭ লাখৰো অধিক চিম কাৰ্ড। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে ৭.৮ লাখতকৈ অধিক চিম কাৰ্ড নিষিদ্ধ কৰা হৈছে। লগতে ৩ হাজাৰতকৈ অধিক স্কাইপ আইডিও ব্লক কৰিছে চৰকাৰে। চিম কাৰ্ডৰ সমান্তৰালকৈ ৮৩ হাজাৰতকৈ অধিক হোৱাটছএপ একাউণ্টো ব্লক কৰিছে চৰকাৰে। চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে এনেদৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মোদী চৰকাৰে।
উল্লেখ্য যে যদি আপুনিও স্পেম কল আৰু মেছেজ পাইছে, তেন্তে আপুনি ইয়াৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব। সঞ্চাৰ সাথী পৰ্টেলৰ জৰিয়তে আপুনি ইয়াৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব। দূৰসংযোগ বিভাগে (DoT) আৰম্ভ কৰা এই পৰ্টেলে সাধাৰণ মানুহক চাইবাৰ জালিয়াতিৰ পৰা নিজকে ৰক্ষা কৰাত সহায় কৰে। শেহতীয়াকৈ সঞ্চাৰ সাথী পৰ্টেলৰ মোবাইল এপটোও মুকলি কৰা হৈছে, যিটো গুগল প্লে ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব।