১৮ জানুৱাৰী ২০২৫- OYO ৰুমলৈ গলে গ্ৰেপ্তাৰ হ'ব নেকি অবিবাহিত যুৱক-যুৱতী?
নতুন বছৰৰ আৰম্ভণিতে OYO কতৃপক্ষই আনিছিল নতুন নিয়ম। এই নিয়ম অনুসৰি অবিবাহিত যুৱক-যুৱতীয়ে এতিয়াৰে পৰা OYO হোটেলৰ কোঠা বুকিং কৰিব নোৱাৰিব। OYOয়ে অংশীদাৰ হোটেলৰ বাবে চেক-ইন নিয়ম সংশোধন কৰি এই বছৰৰ পৰা নতুন গাইডলাইন প্ৰৱৰ্তন কৰিছে, য’ত উল্লেখ কৰা হৈছে যে অবিবাহিত দম্পতীয়ে এতিয়াৰে পৰা হোটেলৰ কোঠা বুকিং কৰিব নোৱাৰিব। উত্তৰ প্ৰদেশৰ পৰা এই নিয়ম প্ৰযোজ্য হোৱাৰ কথা ঘোষণা কৰিছিল কতৃপক্ষই।
OYOৰ এই নতুন চেক-ইন নীতিৰ পিছতেই বিতৰ্ক আৰম্ভ হৈছে যে অবিবাহিত প্ৰাপ্তবয়স্কসকলে হোটেলত থাকিব পাৰিব নে নোৱাৰে? কাৰণ ভাৰতীয় আইন অনুসৰি ১৮ বছৰ বয়সৰ পিছত এজন ব্যক্তিক প্ৰাপ্তবয়স্ক বুলি গণ্য কৰা হয়। প্ৰাপ্তবয়স্ক লোকৰ যিকোনো ঠাই ভ্ৰমণ কৰাৰ আৰু যিকোনো ঠাইত থকাৰ আইনী অধিকাৰ আছে। এই অধিকাৰ সংবিধানৰ ২১ নং অনুচ্ছেদৰ দ্বাৰা সুৰক্ষিত, য’ত ব্যক্তিজনৰ গোপনীয়তা আৰু ব্যক্তিগত স্বাধীনতা নিশ্চিত কৰা হৈছে। যদি কোনো অবিবাহিত দম্পতীয়ে হোটেলত থাকে তেন্তে কেৱল এই ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰি।
যদি আৰক্ষীয়ে কোনো হোটেলত অভিযান চলাই তাত প্ৰাপ্তবয়স্ক দম্পতী বিচাৰি পায় তেন্তে কোনো ধৰণৰ অপৰাধমূলক কাৰ্যৰ অভিযোগ নোহোৱাকৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কোনো আইনী ভিত্তি নাথাকে। অনলাইন মিডিয়াৰ এক প্ৰতিবেদন অনুসৰি বিশেষজ্ঞসকলে কয় যে যদি এগৰাকী ছোৱালী আৰু এজন ল’ৰা পাৰস্পৰিক সন্মতিৰে একেলগে থাকে তেন্তে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব নোৱাৰে। কিন্তু ছোৱালীজনীয়ে যদি গুৰুতৰ অভিযোগ উত্থাপন কৰে বা নিজৰ বক্তব্য সলনি কৰে তেন্তে পৰিস্থিতি সলনি হ’ব পাৰে আৰু বিষয়টো আদালতলৈ যাব পাৰে।
যদি আমি ইয়াৰ সৈতে জড়িত বিষয়সমূহ চাওঁ তেন্তে ২০১৯ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে অবিবাহিত দম্পতীয়ে হোটেলত থকাটো অবৈধ বা অপৰাধও নহয়। আদালতে কৈছিল যে যেতিয়া প্ৰাপ্তবয়স্কৰ মাজত লিভ-ইন সম্পৰ্ক অপৰাধ নহয় তেতিয়া হোটেলত থকাটোও অপৰাধ বুলি গণ্য কৰিব নোৱাৰি। একেদৰে ২০০৯ চনত দিল্লী উচ্চ ন্যায়ালয় আৰু ২০১৩ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়েও একেই সিদ্ধান্ত লৈছিল।
বহু OYO আৰু অন্যান্য হোটেলত অবিবাহিত দম্পতীক থাকিবলৈ নিদিয়াৰ কাৰণ হৈছে পৰিচালনা নীতি আৰু স্থানীয় সামাজিক হেঁচা। এইটো কোনো আইনী নিয়মৰ অধীনত নাহে। প্ৰাপ্তবয়স্ক দম্পতীৰ হোটেলত থকাৰ আইনী অধিকাৰ আছে বুলিও বিশেষজ্ঞসকলে একমত প্ৰকাশ কৰে। বৰ্তমান সময়ত প্ৰাপ্তবয়স্ক দম্পতীয়ে এই সমগ্ৰ বিষয়টোত নিজৰ আইনী অধিকাৰৰ বিষয়ে সচেতন হোৱা উচিত। যদি আৰক্ষীয়ে হস্তক্ষেপ কৰে তেন্তে শান্তি বজাই ৰখা আৰু আইনী পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। লগতে প্ৰাপ্তবয়স্কতা প্ৰমাণ কৰিবলৈ পৰিচয় পত্ৰ দেখুৱাব লাগিব আৰু হোটেলত দুয়োজন ব্যক্তিৰ নথি-পত্ৰ জমা দিব লাগিব।