ঠিকনাৰ লগতে ভাগ্যও সলনি হ’বনে কংগ্ৰেছৰ?

DY365
DY365
Published: January 15,2025 09:58 PM
DY365

Story highlights

ঠিকনাৰ লগতে ভাগ্যও সলনি হ’বনে কংগ্ৰেছৰ?

১৫ জানুৱাৰী ২০২৫-   ঠিকনাৰ লগতে ভাগ্যও সলনি হ’বনে কংগ্ৰেছৰ?



সুদীৰ্ঘ ৪৬ বছৰৰ পিছত সলনি হ’ল কংগ্ৰেছ দলৰ ঠিকনা। ইমান দিনে এটা চৰকাৰী বাংলোৰ পৰা পৰিচালিত হোৱা কংগ্ৰেছ দলে অৱশেষত লাভ কৰিলে এটা স্থায়ী কাৰ্যালয়। নতুন দিল্লীৰ ২৪ আকবৰ ৰোডৰ পৰা 9A কোটলা ৰোডলৈ স্থানান্তৰিত হ'ল কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়।
সভাপতি মল্লিকাৰ্জুন খৰ্গেই আনুষ্ঠানিকভাৱে মুকলি কৰা এই কাৰ্যালয়টোৰ ২০০৯ চনত আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে। প্ৰথম পৰ্যায়ত দলটোৰ সেৱা দল আৰু মহিলা কংগ্ৰেছৰ কাৰ্যালয় নতুন ভৱনলৈ স্থানান্তৰ কৰা হয়। তাৰ পিছত পৰ্যায়ক্ৰমে আন শাখা সংগঠনসমূহৰ কাৰ্যালয় আৰু শেষত AICCৰ মূল কাৰ্যালয় এই নতুন ভৱনলৈ স্থানান্তৰ কৰা হয়। নতুন কাৰ্যালয় ভৱনটোৰ নাম হৈছে 'ইন্দিৰা গান্ধী ভৱন’। বুধবাৰৰ দিনটোত স্থায়ী ঠিকনা লোৱাৰ মুহূৰ্তত নতুন কাৰ্যালয়ত এক উত্‍সৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। এসময়ত কংগ্ৰেছৰ কাৰ্যালয় আছিল যন্তৰ মন্তৰ ৰোডত। দেশৰ জৰুৰী অৱস্থাৰ পিছত ১৯৭৮ চনত ২৪ আকবৰ ৰোডত অন্ধ্ৰপ্ৰদেশৰ সাংসদ গদ্দাম ভেংকটস্বামীৰ বাংলোৰ পৰা আৰম্ভ হৈছিল ইন্দিৰা কংগ্ৰেছৰ যাত্ৰা। তেতিয়াৰে পৰা সেই চৰকাৰী বাংলোতে আছিল কংগ্ৰেছ দলৰ কাৰ্যালয়তো। আৰু অৱশেষত সুদীৰ্ঘ ৪৬ বছৰৰ পিছত ঠিকনা সলনি কৰিলে কংগ্ৰেছে। স্থায়ী ঠিকনা লাভৰ এই মুহূৰ্তক গৌৰৱৰ মুহূৰ্ত বুলি কৈ সভাপতি খৰ্গেই বুধবাৰে ক’লে- এই স্থানতে নেহৰুৰ সময়ত কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠক অনুষ্টিত হৈছিল। আনহাতে সাংসদ ৰাহুল গান্ধীয়ে এক স্পৰ্শকাতৰ মুহূৰ্তত কংগ্ৰেছ দলে স্থায়ী ঠিকনা লাভ কৰা বুলি মন্তব্য কৰিছে। আনহাতে নতুন কাৰ্যালয়ৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি দলৰ প্ৰায় সকলো সাংসদ।


Related

TWITTER

FACEBOOK