২২ জানুৱাৰী ২০২৫- চুৰি সামগ্ৰী লুকুৱাই থয় জাবৰৰ দমত। আৰক্ষীৰ জালত কোন এইজন কোটিপতি চোৰ?
পাটনা আৰক্ষীৰ জালত পৰিছে এজন কোটিপতি চোৰ। দিনেশ ওৰফে লংৰা নামৰ এই চোৰজনে বিগত কেইবাবছৰো ধৰি চুৰিকাৰ্য বৃত্তিৰ জৰিয়তে গঢ়িছিল কোটি টকাৰ সম্পত্তিৰ পাহাৰ। বিশেষভাৱে সক্ষম তথা এখন ভৰি অচল এই চোৰজনৰ সম্পত্তি দেখি এতিয়া চকু কপালত উঠিছে আৰক্ষী বিষয়াৰো।
২০১২ চনৰ পৰাই পাটনাৰ বিভিন্ন অঞ্চলত বহু চুৰি কাণ্ড সংঘটিত কৰা দীনেশ ওৰফে লংৰাই দেওবাৰে সন্ধিয়া পাটলিপুত্ৰ থানা এলেকাৰ নেহৰু নগৰৰ এটি ঘৰত চোৰ কৰিবলৈ প্ৰৱেশ কৰিছিল। তেনে অৱস্থাতে দীনেশক হাতে-লোতে ধৰি স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে লংৰা চোৰৰ বিৰুদ্ধে কৰা তদন্তত পোহৰলৈ আহিছে চোৰজনৰ কোটি টকাৰ সম্পত্তিৰ তালিকা।
যোৱা ১৯ জানুৱাৰীত দিনেশে দিন দুপৰতে এছ কে পুৰী থানা অঞ্চলৰ এটা ঘৰৰ পৰা সোণ-ৰূপৰ গহনা চুৰি কৰিছিল। য'ত দিনেশ ওৰফে লংৰাই চুৰি কৰিছিল লাখ লাখ টকাৰ সোণ-ৰূপৰ গহনা। চুৰি সংঘটিত কৰাৰ পিছত ধৰা পৰাৰ আশংকাত চুৰি কৰা গহনাবোৰ লুকুৱাই থৈছিল জাবৰৰ দমত। এই সকলোবোৰ গহনা ইতিমধ্যে পাটনা আৰক্ষীয়ে উদ্ধাৰ কৰিছে।
আপোনালোকক কওঁ যে দীনেশ ওৰফে লংৰাই পাটনাৰ বিভিন্ন থানা এলেকাত, যেনে কংকৰবাগ, চিত্ৰগুপ্ত নগৰ, শাস্ত্ৰী নগৰ, আৰু এছ কে পুৰী আদি অঞ্চলত বহু চুৰি কাণ্ড সংঘটিত কৰিছে। ২০১২ চনৰ পৰা চুৰিৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকা এইগৰাকী কোটিপতি চোৰে এতিয়ালৈকে ৫ বাৰ জেললৈ গৈছে।