ছেপ্তেম্বৰ ৭, ২০২৪: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষনা, ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চল আৰু জনসাধাৰণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ৫৬৪ কোটি টকাৰ পেকেজ প্ৰদান কৰি ত্ৰিপুৰা বিধান সভাত তৃতীয় দিনা মুখ্যমন্ত্ৰী সাহাই কয় যে, ৰাজ্য খনত সেহতীয়া বানপানীয়ে পথ, দলং, বিদ্যুৎ পৰিবহন লাইন, ঘৰ, পশুধন, কৃষিভূমি আদিৰ ব্যাপক ক্ষতি সাধন কৰিছে।
তেওঁ জনাই যে বানপানীৰ ফলত ক্ষতিৰ প্ৰাৰম্ভিক অনুমান প্ৰায় ১৪,২৪৭ কোটি টকা। জিলা দণ্ডাধীশ আৰু লাইন বিভাগীয় বিষয়া সকলে মূল্যায়ন কৰাৰ পাছতেই ৰাজ্য চৰকাৰে সাহায্যৰ বাবে অতিৰিক্ত ধন বিছাৰি স্মাৰক পত্ৰ দাখিল কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক। শেহতীয়া ক্ষয় ক্ষতিৰ ভয়াবহতাৰ কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে বিভিন্ন খণ্ডত তাৎক্ষনিক সাহায্যৰ বাবে বিত্তীয় পেকেজ ঘোষণা কৰাৰ সিদ্ধান্ত প্ৰকাশ কৰে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৰাজ্যখনক এই ক্ষতিৰ পৰা উদ্বাৰ কৰি আন্তঃগাঠনি পুনৰ নিৰ্মাণ কৰিবলৈ কেইবামাহো সময়ৰ প্ৰয়োজন হ'ব। বৰ্তমান ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰাই পূৰণ কৰা হ'ব ৫৬৪ কোটি টকাৰ পেকেজ। এই পেকেজত থাকিব খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বাবে ৭০ কোটি টকা। ইয়াৰ লগতে আগন্তুক দুমাহৰ বাবে প্ৰতিমাহে ১০ কেজি অতিৰিক্ত চাউলৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ দ্বাৰা ৰাজ্যৰ প্ৰায় ৯.৮ লাখ ৰেচন কাৰ্ডধাৰী উপকৃত হ'ব।
কৃষিৰ বাবে খাৰিফ আৰু ৰবি শস্যৰ উৎপাদনৰ বীজ, সাৰ, লগতে অন্যান্য কৃষি সামগ্ৰীৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ বাবে ১৫ কোটি টকাৰ অনুমোদন লাভ কৰে। ইয়াৰ উপৰিও উদ্যান শস্যৰ বাবে, শীতকালীন শাক পাচলি আৰু ফুলৰ খেতি, ধাননি পথাৰ, সাৰ, ক্ষতিগ্ৰস্ত মাটিৰ বাবে আৰ্থিক সাহায্য ৫ কোটি টকা আবণ্টন দিয়া হৈছে।
মাছৰ উৎপাদন বৃদ্ধিৰ বাবে মাছৰ পোৱালি ক্ৰয়ৰ বাবে ১০ কোটি টকাৰ আৰ্থিক সাহায্য আবণ্টন দিয়া হৈছে, আৰু পশুধনৰ বাবে পশু সম্পদ উন্নয়ন বিভাগে পশুৰ বাবে খাদ্য, পানী যোগান, ঔষধ আদিৰ আদিৰ বাবে ৫ কোটি টকাৰ আবন্তন লাভ কৰে।
ইয়াৰ ওপৰিও শিক্ষাখণ্ডত বানপীড়িত ছাত্ৰ-ছাত্ৰীক কিতাপ যোগান ধৰাৰ লগতে বিদ্যালয় মহাবিদ্যালয় সমুহৰ মেৰামতি আৰু ৰক্ষণাবেক্ষনৰ নামত ১২ কোটি টকাৰ অনুমোদন লাভ কৰে ইয়াৰ লগতে স্বাস্থ্য বিভাগে ১০ কোটি টকা আৰু সমাজ কল্যাণ বিভাগে ৩৫ কোটি টকা লাভ কৰিব।