নৱৰাত্ৰিৰ আজি ষষ্ঠটো দিন।ষষ্ঠটো দিনত কিদৰে আৰাধনা কৰা হয় ''মা ‘কাত্যায়নী’''ক ।

DY365
DY365
Published: October 8,2024 03:11 PM
DY365

Story highlights

নৱৰাত্ৰিৰ আজি ষষ্ঠটো দিন।ষষ্ঠটো দিনত কিদৰে আৰাধনা কৰা হয় ''মা ‘কাত্যায়নী’''ক ।

৮ অক্টোবৰ,২০২৪ - নৱৰাত্ৰিৰ আজি ষষ্ঠটো দিন।ষষ্ঠটো দিনত কিদৰে আৰাধনা কৰা হয় ''মা ‘কাত্যায়নী’''ক ।



মা দুৰ্গাৰ ষষ্ঠ ৰুপটো হ’ল ‘কাত্যায়নী’। যজ্ঞৰ জুইত ভস্মীভূত হোৱাৰ পিছত মহৰ্ষি কাত্যনীৰ তপস্যাৰ পিছত বৰদান ত তেওঁ কন্যা হিচাপে জন্ম গ্ৰহণ কৰিছিল, যাৰ বাবে তেওঁক ‘কাত্যায়নী’বুলি কোৱা হয়। দেৱী কাত্যায়নী সফলতা আৰু খ্যাতিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। কাত্যায়নী দেৱীৰ বাহন সিংহ। দেৱীয়ে দুটা বাহুত পদুম আৰু তৰোৱাল ধাৰণ কৰে। দেৱীৰ এটা বাহু বৰ মুদ্ৰা আৰু আনটো বাহু অভয় মুদ্ৰাত থাকে। প্ৰবাদ অনুসৰি দেৱী দুৰ্গাই ঋষি-মুনিসকলক অসুৰৰ অত্যাচাৰৰ পৰা মুক্ত কৰিবলৈ নিজৰ কাত্যায়নী ৰূপ লৈছিল। কাত্যায়নী দেৱীৰ প্ৰিয় ৰং ৰঙা। সেয়েহে দেৱীৰ উপাসনাত ৰঙা ৰঙৰ ফুল আগবঢ়াব লাগে। আনহাতে কাত্যায়নী দেৱীৰ মৌ অত্যন্ত প্ৰিয়। সেয়েহে উপাসনাৰ সময়ত কাত্যায়নী দেৱীক মৌ আগবঢ়াব লাগে। 
বিশ্বাস অনুসৰি কাত্যায়নী দেৱীক সন্তুষ্ট কৰিবলৈ ৰাতিপুৱা গা ধোৱাৰ পিছত দেৱী কাত্যায়নীক উপাসনা কৰিব লাগে। তাৰ পিছত, দেৱী কাত্যায়নীক স্মৰণ কৰি গংগাজলৰ সৈতে অভিষিক্ত কৰিব লাগে। দেৱীক কাপোৰ, ৰঙা ৰঙৰ ফুল, অক্ষত, ধূপ, চাকি আদি আগবঢ়াব লাগে। এই সময়ছোৱাত মা ‘কাত্যায়নী’ৰ মন্ত্ৰ জপ কৰি তেওঁক মৌ আগবঢ়াব লাগে। তাৰ পাছত দুৰ্গা চালিছা, দেৱী কাত্যায়নীৰ কাহিনী আদি পাঠ কৰিব লাগে আৰু শেষত ঘিউ চাকিৰে দেৱী কাত্যায়নীৰ আৰতি পৰিৱেশন কৰিব লাগে।


Related

TWITTER

FACEBOOK