আজি মহাষষ্ঠী। বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হৈছে দেৱীক।

DY365
DY365
Published: October 9,2024 04:33 PM
DY365

Story highlights

আজি মহাষষ্ঠী। বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হৈছে দেৱীক।

 



৮ অক্টোবৰ,২০২৪ - আজি মহাষষ্ঠী। বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হৈছে দেৱীক।



শৰৎ মানেই যেন দুৰ্গোৎসৱ । নৱৰাত্ৰিৰ এই ৯টা দিনত দেৱী দুৰ্গাক ৯ টা ৰূপত আৰাধনা কৰা হয়। আজি মহাষষ্ঠী। বেলবৰণেৰে আজি দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হৈছে। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰো বহু অঞ্চলত পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।  আটক ধুনীয়াকৈ মণ্ডপ সমূহ সজাই পৰাই তোলাৰ লগতে ভক্তগনো সাজু হৈছে মা দুৰ্গাৰ আৰধনা কৰিবলৈ।  
মা দুৰ্গাক নৱৰাত্ৰিৰ সপ্তম দিনা কালৰাত্ৰিৰ ৰূপত পূজা কৰা হয়। পৃথিৱীৰ সকলো দানৱ অথবা বেয়া শক্তিৰ বিনাশ কৰি সকলোকে ৰক্ষা কৰিবলৈ দেৱী দুৰ্গায়ে কালৰাত্ৰিৰ ৰূপ লয়। কালৰাত্ৰি দেৱীৰ ধ্যান কৰিলে জীৱনৰ পৰা বেয়া প্ৰভাৱ অথবা দুখ-দুৰ্দশা নোহোৱা হয়। উল্লেখ্য যে  'মা কালৰাত্ৰি' নৱদুৰ্গাৰ অন্যতম এক ৰূপ। কথিত আছে যে মা কালীৰ ভয়ত বিতত হৈ চন্ড- মুন্ড নামৰ দুই অসুৰে সমস্ত ব্ৰহ্মাণ্ড পলাই ফুৰিছিল। ইয়াতে ক্ষুন্ন হৈ মা কালীয়ে নিজৰ কেশ উঘালিছিল । এই কেশ মাটিত পৰাৰ লগে লগে দেৱী কালৰাত্ৰিৰ সৃষ্টি হয়। 
কালৰাত্ৰি দেৱীক সন্তুষ্ট কৰিবলৈ ১০৮ টা গুল-নেমুৰ মালা আৰু গুৰ দিব পাৰে লগতে অপৰাজিতা ফুল কালৰাত্ৰি দেৱীক অৰ্পন কৰিব লাগে। আনহাতে নীলা ৰঙৰ কাপোৰ পৰিধান কৰি যদি মাৰ ওচৰত যায় তেতিয়া হ’লে ভাল ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।


Related

TWITTER

FACEBOOK