আজি মহাসপ্তমী।

DY365
DY365
Published: October 10,2024 05:41 PM
DY365

Story highlights

আজি মহাসপ্তমী।

১০ অক্টোবৰ,২০২৪-    আজি মহাসপ্তমী।



ঢাক-ঢোল, শংখ-ঘণ্টা আৰু পুৰোহিতৰ বেদ-মন্ত্ৰৰ ধ্বনিৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হ'ল দেৱী দশভূজাৰ প্ৰতিমা। আজি মহাসপ্তমী। মা দুৰ্গাৰ সপ্তম ৰূপটোক  ‘কালৰাত্ৰি’ বুলি কোৱা হয়। ‘কালৰাত্ৰি’ দেৱীৰ শৰীৰৰ বৰণ সম্পূৰ্ণ ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। গলত বিদ্যুতৰ দৰে জিলিকি থাকে মালাধাৰি। মা ‘কালৰাত্ৰি’ ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া। সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকিৰিত হৈ থাকে, নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্ৰচণ্ড অগ্নি শিখাবোৰ ওলাই থাকে।‘কালৰাত্ৰি’ দেৱীৰ বাহন গাধ। ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু সদায় শুভ ফলহে প্ৰদান কৰে। এইবাবেই কালৰাত্ৰি’ দেৱীৰ আন এটা নাম ‘শুভংকৰী’।  দেৱী কালৰাত্ৰিৰ উপাসনা কৰিলে ভক্তৰ মঙ্গল হোৱাৰ লগতে গ্ৰহৰ বাধা দূৰ হয়। তাৰ উপৰিও সকলোকে শত্ৰু, পানী, জীৱ-জন্তু, অগ্নি অথবা ৰাতিৰ ভয়ৰ পৰা দেৱীয়ে মুক্ত কৰে।


Related

TWITTER

FACEBOOK