৮ মাৰ্চ,২০২৪ঃ আজি মহা শিৱৰাত্ৰি, চলিছে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা। প্ৰতি বছৰে মহা শিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা উদযাপন কৰা হয়।
মহা শিৱৰাত্ৰি উপলক্ষ পুৱাৰে পৰা ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰত ভিৰ কৰিছে ভক্তই। বিশ্বাস অনুসৰি, মহা শিৱৰাত্ৰিৰ দিনা উপবাস আৰু শিৱক উপাসনা কৰিলে সকলো ইচ্ছা পূৰণ হয় আৰু পৰিত্ৰাণ প্ৰাপ্ত হয়।
ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ শিৱ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ। শিৱসাগৰৰ শিৱদৌলত আৰম্ভ হ’ল শিৱৰাত্ৰি মেলা। পুৱাৰে পৰা নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰত দৰ্শনাৰ্থীৰ ভিৰ।
গুৱাহাটীৰ উমানন্দ মন্দিৰলৈ বিশেষ ফেৰীৰ ব্যৱস্থা প্ৰশাসনৰ। গুৱাহাটীৰ ভীমা শংকৰ, শুক্ৰেশ্বৰ, বশিষ্ঠ মন্দিৰতো পুৱাৰে পৰা ভিৰ। তেজপুৰৰ মহাভৈৰৱ মন্দিৰতো পুৱাৰে পৰা ভক্তৰ ভিৰ। লখিমপুৰৰ শিৱ মন্দিৰতো পূজা-অৰ্চনা ভক্তৰ।