১৫ জানুৱাৰী ২০২৫- হেলমেট পৰিধান নকৰাৰ বাবে দিয়া নাছিল পেট্ৰল, খঙতে পেট্ৰল পাম্পৰ বিদ্যুৎ সংযোগ কাটি পেলালে যুৱকে
শেহতীয়াকৈ দেশৰ ভিন্ন ৰাজ্যত আৰম্ভ হৈছে ‘ন’ হেলমেট, ন’ পেট্ৰল’ নীতি। এই নীতি অনুসৰি হেলমেট অবিহনে আজিকালি পেট্ৰল পাম্পত কতৃপক্ষই পেট্ৰল বিক্ৰী নকৰে। এই হেলমেটৰ বাবেই উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক আজৱ ঘটনা। ৰাজ্যখনৰ হাপুৰ জিলাৰ এটা পেট্ৰল পাম্পত এজন বাইক আৰোহীয়ে পেট্ৰল ভৰাবলৈ আহিছিল। কিন্তু যুৱকজনে হেলমেট পৰিধান নকৰাৰ বাবে পেট্ৰ’ল পাম্পৰ কৰ্মীজনে যুৱকজনক পেট্ৰল ভৰাই দিবলৈ অস্বীকাৰ কৰে। যাৰ বাবে বিদ্যুৎ যোগান বিভাগত লাইনমেন হিচাপে কাম কৰা যুৱকজনে খঙতে পেট্ৰল পাম্পৰ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। ফলত প্ৰায় ২০ মিনিট ধৰি পাম্পটো বিদ্যুৎ বিহীন হৈ আছিল। যুৱকজনৰ এই কাণ্ডৰ পিছতেই পেট্ৰ’ল পাম্পটোৰ মালিকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। অঞ্চলটোৰ CCTV ফুটেজ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে তদন্তও আৰম্ভ কৰিছে।
উল্লেখ্য যে দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে আৰম্ভ কৰিছে ‘ন’ হেলমেট, ন’ পেট্ৰল’ নীতি। অৰ্থাৎ এতিয়াৰে পৰা উত্তৰ প্ৰদেশত বাইকচালকে বাইকত পেট্ৰল ভৰাবলৈ হ'লে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। কেৱল চালকেই নহয়, বাইকৰ পিছৰ চিটত বহি অহা আৰোহীয়েও হেলমেট পৰিধান কৰি থাকিব লাগিব। উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিবহণ মন্ত্ৰী ব্ৰজেশ নাৰায়নে ৰাজ্যখনৰ সকলো পেট্ৰ’ল পাম্পৰ বাবেই জাৰি কৰিছে এই নিৰ্দেশনা।