সন্তানক বিছাৰি মাতৃয়ে কৰিলে এই কাম, ১০ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল ৰেল চলাচল।

DY365
DY365
Published: October 22,2024 04:58 PM
DY365

Story highlights

সন্তানক বিছাৰি মাতৃয়ে কৰিলে এই কাম, ১০ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল ৰেল চলাচল।

২২ অক্টোবৰ,২০২৪-  সন্তানক বিছাৰি মাতৃয়ে কৰিলে এই কাম, ১০ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল ৰেল চলাচল। 



 হঠাতেই ১০ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল ৰেলসেৱা । বাতিল কৰিবলগীয়া হ'ল ১৬ খনকৈ ৰেলৰ চলাচল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভি'ডিঅৰ এক দৃশ্যই আপোনাকো আৱেগিক কৰি তুলিব। ঝাৰখণ্ডৰ বান্দমুণ্ডা ৰেলৱে ষ্টেচনৰ ওচৰত সংঘটিত হৈছে এই ঘটনা। হাওৰা-মুম্বাই ৰেলৱে পথত ২৩ টাকৈ হাতীৰ এক বৃহৎ জাক আহি আৱদ্ধ কৰি পেলালে ৰেলপথ। স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছত লগে লগে ৰেল কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে। অৱশেষত হাতীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰেল বিভাগে ১০ ঘণ্টাৰ বাবে ৰে’ল চলাচল বন্ধ কৰি দিয়ে। লগতে হঠাতেই হাতী আহিলেও যাতে সহজেই চলন্ত ৰেল বন্ধ কৰিব পৰা যায়, তাৰ বাবে ৰেলসমুহৰ গতিবেগো নিৰ্ধাৰণ কৰি দিয়া হৈছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে এখন মালবাহী ট্ৰেইনৰ খুন্দাত এটা হাতী পোৱালিৰ মৃত্যু হৈছিল। প্ৰত্যক্ষদৰ্শীৰ মন্তব্য অনুসৰি হয়তো হাতীৰ এই জাকটোৱে মৃত সেই হাতীৰ পোৱালিটোকে বিচাৰি আহিছিল।


Related

TWITTER

FACEBOOK