২২ জানুৱাৰী ২০২৫- ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা! ১০ জন লোকৰ কৰুণ মৃত্যু
কৰ্ণাটকত সংঘটিত হৈছে দেশ কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ উত্তৰ কন্নৰ জিলাত নিয়ন্ত্ৰণ হেৰুৱাই ৫০ মিটাৰ দ’ খাৱৈত বাগৰি পৰিল ফল-মূল, শাক-পাচলি কঢ়িয়াই এখন ট্ৰাক। বিপৰীত দিশৰ পৰা অহা আন এখন বাহনক বাট এৰি দিওতেই সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনত আছিল ২৫ জনতকৈ অধিক লোক। জিলাখনৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে দুৰ্ঘটনাত নিহত আৰু আহত সকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰিছে।