ভয়ংকৰ দুৰ্ঘটনাৰ সম্মুখীন স্কুল বাছ।

DY365
DY365
Published: October 19,2024 04:38 PM
DY365

Story highlights

ভয়ংকৰ দুৰ্ঘটনাৰ সম্মুখীন স্কুল বাছ।

১৯ অক্টোবৰ,২০২৪-  ভয়ংকৰ দুৰ্ঘটনাৰ সম্মুখীন স্কুল বাছ। 



এইবাৰ স্কুল বাছৰ সৈতে সংঘটিত হল ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰি ১০ৰ পৰা ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাটোত আহত হৈছে। আহত একাংশ ছাত্ৰ-ছাত্ৰীসকলক মৰ্ণীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱাৰ বিপৰীতে আন একাংশ ছাত্ৰ-ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে পঞ্চকুলাৰ ছেক্টৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আনহাতে বাছ চালকজনকো সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চালকজনে অত্যধিক বেগেৰে বাছখন চলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকসকলে মন্তব্য কৰিছে। উল্লেখ্য যে দুৰ্ঘটনাৰ সম্মুখীন হোৱা বাছখনে পঞ্জাৱৰ ননকনা চাহাব স্কুলৰ ছাত্ৰ-ছাত্ৰীক লৈ মৰ্নি হিলছলৈ গৈ আছিল। তেনে সময়তে চালকৰ তীব্ৰ বেগৰ বাবেই পঞ্চকুলাত দ খাৱৈত বাছখন বাগৰি এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে।


Related

TWITTER

FACEBOOK