ভাৰতবৰ্ষৰ অমূল্য ৰত্ন, প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা আৰু নাই।

DY365
DY365
Published: October 10,2024 01:01 PM
DY365

Story highlights

ভাৰতবৰ্ষৰ অমূল্য ৰত্ন, প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা আৰু নাই।

10 অক্টোবৰ,২০২৪ -ভাৰতবৰ্ষৰ অমূল্য ৰত্ন, প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা আৰু নাই।



ভাৰতবৰ্ষৰ অমূল্য ৰত্ন, প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা আৰু নাই। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত মুম্বাইৰ ব্ৰীচ  কেণ্ডি হাস্পতালত আইচিইউত ভৰ্তি হৈ থকা উদ্যোগপতি ৰতন টাটাই বুধবাৰে নিশা ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰখ্যাত উদ্যোগপতিগৰাকীৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰিছে। ৰতন টাটাৰ  মৃত্যুত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই শোক প্ৰকাশ কৰি কৈছে ''ভাৰতৰ কহিনুৰ আৰু নাই। আমি পৃথক হৈছোঁ। ৰতন টাটা আৰু আমাৰ মাজত নাই। এয়া সমগ্ৰ দেশৰ বাবে এটা দুখজনক ঘটনা। সকলোবোৰ পোৱাৰ পাছতো তেওঁ মাটিৰ সৈতে সংযুক্ত হৈ থাকিল''। আনহাতে মহাৰাষ্ট্ৰত এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰাৰ লগতে মহাৰাষ্ট্ৰৰ চৰকাৰী কাৰ্যালয়সমূহত আজি ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব আৰু ৰাজ্যখনত মনোৰঞ্জনৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। কেৱল এয়াই নহয়, একনাথ সিন্দেই এক্সত ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে, “দেশৰ অমূল্য ৰতন হেৰাই গ’ল, ৰতন টাটা নৈতিকতা আৰু উদ্যমশীলতাৰ এক অতুলনীয় আৰু আদৰ্শ সংগম আছিল। প্ৰায় ১৫০ বছৰৰ উৎকৃষ্টতা আৰু সততাৰ পৰম্পৰা বাহাল ৰাখি টাটা গোটৰ সফল নেতৃত্ব দিয়া ৰতন টাটা এজন জীৱন্ত কিংবদন্তি আছিল। তেওঁ সময়ে সময়ে লোৱা নিৰ্ণায়ক ক্ষমতা  আৰু মানসিক ধৈৰ্য্যই টাটা গোটটোক এক ঔদ্যোগিক শিখৰলৈ লৈ গৈছিল। মই তেওঁক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ।”
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনেও ৰতন টাটাৰ মৃত্যুত ৰাজ্যখনত এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে। এক্সত পোষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে- “ঝাৰখণ্ডৰ দৰে পিছপৰা ৰাজ্যক বিশ্বৰ সন্মুখত পৰিচয় কৰাই দিয়া টাটা গোটৰ প্ৰাক্তন অধ্যক্ষ, ‘পদ্ম বিভূষণ’ ৰতন টাটাৰ মৃত্যুত এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে।”
ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে- ৰতন টাটা আছিল এজন দূৰদৰ্শী ব্যৱসায়িক নেতা, এজন দয়ালু আত্মা আৰু এজন অসাধাৰণ মানৱ। তেওঁৰ নম্ৰতা, দয়া আৰু আমাৰ সমাজখন উন্নত কৰাৰ অদম্য দায়বদ্ধতাৰ বাবেই তেওঁ বহু লোকৰ মাজত নিজৰ স্থান দখল কৰিছিল।১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ৰতন টাটাৰ সম্পূৰ্ণ নাম হৈছে ৰতন নৱাল টাটা। ১৯৮১ চনত তেঁও টাটা উদ্যোগৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। দেশৰ বাবে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মবিভূষণ’ আৰু দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ সন্মানেৰে সন্মানিত কৰিছিল। ১৯৯০ চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰতন টাটাই। পৰৱৰ্তী সময়ত ২০১৬ চনৰ পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰীলৈ অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।
অসমৰ সৈতে ৰতন টাটাৰ আছিল নিবিড় সম্পৰ্ক। ৰতন টাটাৰ উদ্যোগত অসমত স্থাপন হৈছিল কেঞ্চাৰ হাস্পতাল। অসমত কেঞ্চাৰ হাস্পতাল স্থাপনৰ বাবে ২০১৮ত চুক্তি কৰিছিল টাটা ট্ৰাষ্টে। ডিব্ৰুগড়ত নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল টাটা ট্ৰাষ্টে নিৰ্মাণ কৰা ৬খনকৈ অত্যাধুনিক কেন্সাৰ হাস্পতাল। একেদিনাই নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল আন ৭খন হাস্পতালৰ। আনহাতে ৰতন টাটাৰ উদ্যোগতে গঢ় লৈ উঠিবলৈ আৰম্ভ কৰিছে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পও। অসমলৈ থকা অতুলনীয় অৱদানৰ বাবে ৰতন টাটালৈ আগবঢ়োৱা হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ বঁটা’। ২০২১ৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছিল ৰতন টাটাক। ৰতন টাটাৰ মুম্বাইৰ বাসগৃহলৈ গৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই প্ৰদান কৰিছিল ‘অসম বৈভৱ বঁটা’।   
প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰতন টাটাৰ  নশ্বৰ দেহ  ১০ বজাৰ পৰা আবেলি ৪ বজালৈ দক্ষিণ মুম্বাইৰ নেচনেল চেণ্টাৰ ফৰ দা পাৰফৰ্মিং আৰ্টছত ৰখা হ’ব।তাৰ পিছত মুম্বাইৰ ৱৰ্লি অঞ্চলত ৰতন টাটাৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
 


Related

TWITTER

FACEBOOK