১৭ এপ্ৰিল, ২০২৪ঃ দুদিনীয়া কাৰ্যসূচীৰে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি নলবাৰীত প্ৰধানমন্ত্ৰী বিশাল জনসভা। প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। নলবাৰীৰ বৰকুৰাত আছে প্ৰধানমন্ত্ৰী মোদীৰ এই অনুষ্ঠান।
বৰকুৰাত বিশাল পথাৰত নিৰ্বাচনী ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে। বৰপেটাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
১০.৩০ বজাত ৰাইজক উদ্দেশ্যি ভাষণ দিব নৰেন্দ্ৰ মোদীয়ে। দৰং-ওদালগুৰি, গুৱাহাটীৰ প্ৰাৰ্থীৰ হৈয়ো নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে।
মঙলবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। বৰঝাৰ বিমানবন্দৰত মোদীৰ বিশেষ বিমানৰ অৱতৰণ। বিমানবন্দৰৰ পৰা ওলায়েই মহানগৰীত ৰোড শ্ব’ প্ৰধানমন্ত্ৰী মোদীৰ।
GS ৰোডত ৰোড শ্ব’ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ। মঙলবাৰৰ দিনটোত মোদীময় হৈ পৰিল গুৱাহাটীৰ ৰাজপথ। মোদীক চাবলৈ গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিল সকলো।
মোদীক স্বচক্ষে চাবলৈ জনসমুদ্ৰত পৰিণত পথৰ দুয়োকাষ। নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাতে কটালে মোদীয়ে।