৫ জানুৱাৰী ২০২৫- OYOৰ নতুন নিয়ম! অবিবাহিত সকলে বুকিং কৰিব নোৱাৰিব হোটেলৰ কোঠা!
নতুন বছৰৰ আৰম্ভণিতে OYOয়ে এক ডাঙৰ ঘোষণা কৰিছে। নতুন নিয়ম অনুসৰি অবিবাহিত দম্পতীয়ে এতিয়াৰে পৰা OYO হোটেলৰ কোঠা বুকিং কৰিব নোৱাৰিব। OYOয়ে অংশীদাৰ হোটেলৰ বাবে চেক-ইন নিয়ম সংশোধন কৰি এই বছৰৰ পৰা নতুন গাইডলাইন প্ৰৱৰ্তন কৰিছে, য’ত উল্লেখ কৰা হৈছে যে অবিবাহিত দম্পতীয়ে এতিয়াৰে পৰা হোটেলৰ কোঠা বুকিং কৰিব নোৱাৰিব। উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা এই নিয়ম প্ৰযোজ্য হ’ব।
OYOয়ে নিজৰ অংশীদাৰ হোটেলসমূহক প্ৰৱেশৰ সময়ত সকলো দম্পতীৰ পৰা তেওঁলোকৰ সম্পৰ্কৰ বৈধ প্ৰমাণ বিচাৰিবলৈ আহ্বান জনাইছে। এই নিয়মসমূহ OYOৰ অংশীদাৰ হোটেলসমূহৰ অনলাইন বুকিঙৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। অৱশ্যে OYOয়ে হোটেলসমূহক তেওঁলোকৰ সামাজিক পৰিস্থিতি আৰু প্ৰয়োজন অনুসৰি সিদ্ধান্ত লোৱাৰ অধিকাৰো প্ৰদান কৰিছে। অৰ্থাৎ কোম্পানীটোৰ অংশীদাৰ হোটেলসমূহে নিজৰ মতে এই নিয়মসমূহ কাৰ্যকৰী কৰিব পাৰিব।
উল্লেখ্য যে শেহতীয়াকৈ ট্ৰেভেল পিডিয়া ২০২৪ৰ এটা প্ৰতিবেদন প্ৰকাশ পাইছে, য’ত OYOৰ হোটেল বুকিঙৰ সৈতে জড়িত কিছু তথ্য দিয়া হৈছে। প্ৰতিবেদন অনুসৰি অবিবাহিত দম্পতীয়ে OYOৰ জৰিয়তে অধিক কোঠা বুকিং কৰে আৰু ইয়াৰ ভিতৰত তেলেংগানাৰ যুৱক-যুৱতীসকলে OYOৰ সেৱা আটাইতকৈ বেছি পৰিমানে গ্ৰহণ কৰিছে। ইয়াৰ পিছত দেশৰ বহু মেট্ৰ’ চহৰৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। এনে পৰিস্থিতিত OYOৰ এই সিদ্ধান্তই ইয়াৰ ব্যৱসায়ত কিমান প্ৰভাৱ পেলায় সেয়া লক্ষ্যণীয় হ’ব।
এই নিয়ম বৰ্তমান মীৰাটৰ OYO হোটেলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব, কিন্তু প্ৰতিবেদন অনুসৰি যদি কোম্পানীয়ে ইয়াৰ পৰা ভাল সহাৰি পায়, তেন্তে আন চহৰ সমূহতো এই নিয়ম কাৰ্যকৰী কৰা হ'ব। অবিবাহিত দম্পতীয়ে যাতে হোটেল বুক কৰিব নোৱাৰে তাৰ বাবেই মীৰাটৰ জনসাধাৰণে OYO কতৃপক্ষক আবেদন জনাইছিল। আৱেদনৰ প্ৰতি সঁহাৰি জনাইয়ে এই নতুন গাইডলাইন প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও এই সন্দৰ্ভত বহু আৱেদন দাখিল কৰা হৈছিল।