ফটোশ্বুটৰ বাবে বিবাহ,তাৰ পিছতেই বিবাহ বিচ্ছেদ।

DY365
DY365
Published: October 19,2024 05:41 PM
DY365

Story highlights

ফটোশ্বুটৰ বাবে বিবাহ,তাৰ পিছতেই বিবাহ বিচ্ছেদ।

১৯ অক্টোবৰ,২০২৪-   ফটোশ্বুটৰ বাবে বিবাহ,তাৰ পিছতেই বিবাহ বিচ্ছেদ।  



বৰ্তমান সময়ত অসম্ভৱ বুলিবলৈ যেন একো নাই। এইবাৰ এগৰাকী যুৱতীয়ে সংঘটিত কৰিলে আজৱ কাণ্ড। উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ এগৰাকী যুৱতীয়ে কেৱল ফটোশ্বুট কৰিবলৈ বিয়াত বহা কাণ্ডই আচৰিত কৰি তুলিছে সকলোকে। খবৰ অনুসৰি বিয়াৰ প্ৰথম নিশাই কইনাই দৰাক কলে ''মই আন কাৰোবাক ভাল পাওঁ, গতিকে মই আপোলাৰ লগত থাকিব নোৱাৰো। মই কেৱল ফটো শ্বুট কৰিবলৈহে আপোনাৰ লগত বিয়াত বহিছিলো''। দৰা আৰু কইনাৰ পৰিয়ালে কইনাজনীক বহু বুজোৱাৰ পিছতো কইনাজনীয়ে নুবুজাত উপায়ন্তৰ হৈ পঞ্চায়ত বহুওঁৱা হয় আৰু পঞ্চায়তৰ সিদ্ধান্ত অনুসৰি কইনাজনীক ঘৰলৈ পঠিয়াই দিয়া হয়। উল্লেখ্য যে ব্রাইডেল ফটো শ্বুট কৰি ভাল পোৱা ছোৱালীজনীৰ পৰিয়ালৰ লোকে তাইৰ প্ৰেমিকৰ সৈতে  বিয়া দিবলৈ অমান্তি হৈছিল যাৰ বাবে বিয়াত ব্রাইডাল ফটো শ্বুট কৰিবলৈ ছোৱালীজনীয়ে পৰিয়ালৰ ইচ্ছামতে বিয়াত বহিছিল। আনকি বিয়াখনত নিজৰ ইচ্ছা অনুসৰি যুৱতীগৰাকীয়ে ব্রাইডেল ফটো শ্বুটো কৰিছিল।


Related

TWITTER

FACEBOOK