১ কোটি টকাৰ লালসা, বীমাৰ ধন পাবলৈ পুত্ৰ মৃত্যুৰ অভিনয় পিতৃৰ

DY365
DY365
Published: March 30,2025 03:57 PM
DY365

Story highlights

১ কোটি টকাৰ লালসাত মিছাকৈ পুত্ৰৰ অন্তিম সংস্কাৰ কৰিলে পিতৃয়ে। দিল্লীৰ নজাফগড়ত টকাৰ বাবে এজন পিতৃয়ে নিজৰ পুত্ৰক লৈ কৰা এক কাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৩০ মাৰ্চ,২০২৫: ১ কোটি টকাৰ লালসাত মিছাকৈ পুত্ৰৰ অন্তিম সংস্কাৰ কৰিলে পিতৃয়ে। দিল্লীৰ নজাফগড়ত টকাৰ বাবে এজন পিতৃয়ে নিজৰ পুত্ৰক লৈ কৰা এক কাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।  ইন্সুৰেন্সৰ ১ কোটি টকাৰ লোভত পিতৃ,পুত্ৰ,আৰু অধিবক্তাই যি নাটক ৰচনা কৰিলে সেই কথা গম পাই আৰক্ষীৰো চকু কপালত উঠিছে। এক কোটি টকাৰ বীমা দাবীৰ বাবে, পু্ত্ৰৰ  ভুৱা দুৰ্ঘটনা দেখুৱাই নহয়, তেওঁৰ শেষ ৰীতি- নীতিৰ লগতে মৃতকৰ নামত কৰা তেৰ দিনীয়া অনুষ্ঠানো অনুষ্ঠিত কৰে। যেতিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিলে তেতিয়াহে সত্য পোহৰলৈ আহিল। এজন অধিবক্তাৰ সহযোগেৰে পুত্ৰ গগনৰ মিছা মৃত্যুৰ কাহিনী সাজিছিল লোভীয়া পিতৃয়ে।



ভুৱা দুৰ্ঘটনাৰ পূৰ্বে পুত্ৰৰ বাবে ১ কোটি টকাৰ বীমা পলিচি ক্ৰয় কৰিছিল গগনৰ পিতৃয়ে। ৫ মাৰ্চত ভুৱা দুৰ্ঘটনাৰ কাহিনী সাজিছিল পিতৃয়ে যদিও দুৰ্ঘটনা বা মৃত্যুৰ কোনো প্ৰমাণ লাভ নকৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি ঘটনাটো পোহৰলৈ আনে। আৰক্ষীৰ জেৰাত পিতৃ-পুই অৱশেষত স্বীকাৰ কৰে যে তেওঁলোকে নিজৰ অধিবক্তাৰ পৰামৰ্শ অনুসৰি সমগ্ৰ কাণ্ডটো মঞ্চস্থ  কৰি প্ৰৱঞ্চনাৰে বীমাৰ ১ কোটি  ধন সৰকাবলৈ চেষ্টা কৰিছিল।
 


Related

TWITTER

FACEBOOK