১৮ জানুৱাৰী ২০২৫- ভাৰতৰ একমাত্ৰ অঞ্চল, য'ত সাপ পোৱা নাযায়
সমগ্ৰ বিশ্বতে ৩০০০ৰো অধিক প্ৰজাতিৰ সাপ পোৱা যায়, ইয়াৰে ৬০০ প্ৰজাতিৰ সাপক আটাইতকৈ বিষাক্ত বুলি গণ্য কৰা হয় । ভাৰততো প্ৰায় ৩৫০ৰো অধিক প্ৰজাতিৰ সাপ পোৱা যায়। ভাৰতত সাপৰ এই প্ৰজাতিবোৰ বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই আহিছে। দেশৰ প্ৰায় প্ৰতিটো প্ৰান্ততে সাপ পোৱা যায় যদিও ভাৰততে এনেকুৱা এটা অঞ্চল আছে য'ত সাপ পোৱা নাযায়। আপোনালোকে পঢ়ি আচৰিত হলেও লক্ষদ্বীপ হৈছে ভাৰতৰ একমাত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল য'ত সাপ পোৱা নাযায়।
৩৬টা সৰু সৰু দ্বীপেৰে গঠিত লক্ষদ্বীপ হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল। লক্ষদ্বীপৰ মুঠ জনসংখ্যা প্ৰায় ৬৪০০০। মুঠ ৩২ বৰ্গ কিলোমিটাৰত বিস্তৃত লক্ষদ্বীপৰ ৯৬ শতাংশ জনসংখ্যা মুছলমান। বাকী ৪ শতাংশ লোক হিন্দু, বৌদ্ধ আদি ধৰ্মৰ।
লক্ষদ্বীপত ৩৬টা দ্বীপ থাকিলেও ইয়াৰে মাত্ৰ ১০টাহে জনবসতি, অৰ্থাৎ ইয়াত মানুহ বাস কৰে। ইয়াৰে কাভাৰট্টি, আগট্টি, আমিনি, কদমত, কিলাটান, চেতলাট, বিত্ৰা, আন্দোহ, কল্পনা আৰু মিনিকয় দ্বীপপুঞ্জত মানুহে বাস কৰে। তাৰ ভিতৰত বহুকেইটা দ্বীপত বাস কৰা লোকৰ সংখ্যা ১০০ জনতকৈও কম।
লক্ষদ্বীপৰ উদ্ভিদ আৰু প্ৰাণীজগতৰ মতে লক্ষদ্বীপ এখন সাপমুক্ত ৰাজ্য। আমোদজনক কথাটো হ’ল ইয়াত কুকুৰো পোৱা নাযায়। লক্ষদ্বীপ প্ৰশাসনে ৰাজ্যৰ সাপ আৰু কুকুৰ মুক্ত কৰি ৰখাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে লক্ষদ্বীপলৈ অহা পৰ্যটককো লগত কুকুৰ লৈ আহিবলৈ দিয়া নহয়।