হোটেলত চাৰ্ভিচ চাৰ্জ দিয়াটো বাধ্য়তামূলক নেকি ? ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…

DY365
DY365
Published: March 29,2025 07:09 PM
DY365

Story highlights

হোটেলত চাৰ্ভিচ চাৰ্জ দিয়াটো বাধ্য়তামূলক নেকি ? ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…

২৯ মাৰ্চ, ২০২৫-  হোটেলত চাৰ্ভিচ চাৰ্জ দিয়াটো বাধ্য়তামূলক নেকি ? ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…




হোটেল বা ৰেষ্টুৰেণ্টে আপোনাৰ পৰা চাৰ্ভিচ চাৰ্জ বিচাৰে নেকি? যেতিয়াই আপুনি হোটেল বা ৰেষ্টুৰেণ্টত খাবলৈ যায় তেতিয়াই আপুনি নিশ্চয় লক্ষ্য কৰিছে যে টেক্সৰ লগতে চাৰ্ভিচ চাৰ্জো বিলত অন্তৰ্ভুক্ত কৰা হয়। প্ৰায়ে দেখা যায় যে ৰেষ্টুৰেণ্ট অপাৰেটৰ আৰু কৰ্মচাৰীয়ে গ্ৰাহকক চাৰ্ভিচ চাৰ্জ দিবলৈ হেঁচা প্ৰয়োগ কৰে। কেতিয়াবা প্ৰৱেশৰ সময়তে গ্ৰাহকক চাৰ্ভিচ চাৰ্জৰ কথা উল্লেখ কৰি স্লিপ দিয়া হয়। কেতিয়াবা আকৌ গ্ৰাহকৰ মাজত চাৰ্ভিচ চাৰ্জ সন্দৰ্ভত বিতৰ্কও হোৱা দেখা যায়। 




শেহতীয়াকৈ চাৰ্ভিচ চাৰ্জ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে এক বৃহৎ ৰায় দিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি খাদ্য বিলত গ্ৰাহকে চাৰ্ভিচ চাৰ্জ দিয়াটো স্বেচ্ছামূলক আৰু ৰেষ্টুৰেণ্ট বা হোটেলে ইয়াক বাধ্যতামূলক কৰিব নোৱাৰে। গ্ৰাহকে ইচ্ছা কৰিলে চাৰ্ভিচ চাৰ্জ দিব পাৰে বা ইচ্ছা নকৰিলে দিবলৈ অস্বীকাৰ কৰিব পাৰে। ন্যায়াধীশ প্ৰতিভা এম সিঙে ৰায়দান কৰি ৰেষ্টুৰেণ্ট সংস্থাসমূহে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে খাদ্য বিলৰ ওপৰত চাৰ্ভিচ চাৰ্জ বাধ্যতামূলকভাৱে লোৱাত নিষেধাজ্ঞা আৰোপ কৰা নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন খাৰিজ কৰে। 



উল্লেখ্য যে ২০২২ চনত কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই (CCPA) গাইডলাইন জাৰি কৰি কয় যে, হোটেল আৰু ৰেষ্টুৰেণ্টে নিজৰ বিবেচনা অনুসৰি খাদ্য বিলত চাৰ্ভিচ চাৰ্জ ল’ব নোৱাৰে। এই নিৰ্দেশনাৰ বিৰোধিতা কৰি ফেডাৰেচন অৱ হোটেলছ, ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনছ অৱ ইণ্ডিয়া (FHRAI)আৰু নেশ্যনেল ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই(NRIA) দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে CCPA এই গাইডলাইনক গৃহীত কৰে। লগতে দিল্লী উচ্চ ন্যায়ালয়ে আৱেদনকাৰীৰ ওপৰত ১ লাখ টকাৰ জৰিমনাও বিহে।


Related

TWITTER

FACEBOOK